গোলাঘাট, 25 জানুৱাৰী : গোলাঘাটত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বুদ্ধিজীৱিৰ সৈতে বৈঠক । গোলাঘাট জিলাত নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত গোলাঘাটৰ ৰাইজৰ সৈতেও মত বিনিময় কৰে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ।
গোলাঘাট পৌৰসভা সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত গোলাঘাটৰ বিভিন্ন সমস্যাৰো বুজ ল'লে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে । আগন্তুক বিধানসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টি অন্তৰ্গত 9 টা বিধানসভা সমষ্টি দখল কৰিব বিজেপি মিত্ৰজোঁট চৰকাৰে ।
প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ মন্তব্য ইফালে, দলে যদি টিকট প্ৰদান কৰে আগন্তুক বিধানসভা নিৰ্বাচনত নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত ৰাজেন গোহাঁই প্ৰতিনিধিত্ব কৰিব আৰু নিশ্চিত ভাৱে জয়ী হ'ব বুলিও মন্তব্য নেতা গৰাকীৰ । লগতে, 2021 চনত বিজেপি মিত্ৰজোঁট চৰকাৰে 100 তকৈ অধিক সমষ্টি দখল কৰিব বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াভাৱে যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে প্ৰাক্তনমন্ত্ৰী গৰাকী ৷ যাৰবাবে নগাঁও, গোলাঘাট আদিকে ধৰি বিভিন্ন ঠাইত এক প্ৰকাৰ প্ৰচাৰ চলাই ফুৰিছে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক :বাৰিষা বান খৰালি খহনীয়াৰে ৰাইজৰ দুখ হৈ পৰিছে সোৱণশিৰি