অসম

assam

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 5:25 PM IST

ETV Bharat / state

মেৰাপানীৰ নেঘেৰী বিল বনভোজস্থলীৰ পৰিচালনা সমিতি গঠন

Negheribil picnic place : মেৰাপানীৰ নেঘেৰী বিল বনভোজস্থলীৰ পৰিচলনা সমিতি গঠন ৷ পৰিচালনা সমিতিৰ কঠোৰ নিৰ্দেশ, বনভোজস্থলীত সৃষ্টি কৰিব নোৱাৰিব উশৃংখল পৰিৱেশৰ ।

Negheribil picnic place
নেঘেৰী বিল বনভোজস্থলীৰ পৰিচলনা সমিতি গঠন

নেঘেৰী বিল বনভোজস্থলীৰ পৰিচলনা সমিতি গঠন

গোলাঘাট, 28 ডিচেম্বৰ : এতিয়া বনভোজৰ বতৰ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুন্দৰ মনোমোহা পৰিৱেশত নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰে এসাঁজ খোৱাৰ বাবে ওলাই আহিছে সকলো । ঠিক তেনেদৰে গোলাঘাট জিলাৰ মেৰাপানীৰ অসম-নগালেণ্ড সীমাৰ নগাপাহাৰৰ দাঁতিত চেলচেলী নৈৰ পাৰৰ এক নৈসৰ্গিক পৰিৱেশত বনভোজ খোৱাৰ বাবে প্ৰতিদিনেই ভিৰ কৰিছেহি ৰাজ্য ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলে ।

বছৰৰ শেষত আৰু নতুন বছৰৰ আৰম্ভণিত 2 নং নেঘেৰী বিলৰ এই মনোমোহা প্ৰাকৃতিক পৰিৱেশত বনভোজ খাবলৈ অহা দলসমূহৰ মাজৰে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে সুৰা-ড্ৰাগছৰ ৰাগীত মাতাল হৈ সৃষ্টি কৰিব পৰা অসামাজিক কাৰ্যকলাপ আৰু অপ্ৰীতিকৰ পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় লোকসকলে জিলা প্ৰশাসনৰ সহযোগত এইবাৰ গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ।

বনভোজৰ নামত যাতে কোনো দুষ্ট চক্ৰই অঞ্চলটোত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি কাজিয়া অথবা দুৰ্ঘটনা আদি সংঘটিত নকৰে. তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ২ নং নেঘেৰী বিল গাঁৱৰ ৰাজহুৱা মঞ্চত এক নাগৰিক সভা অনুষ্ঠিত হয় । মেৰাপানী থানা সমিতিৰ সভাপতি পোনা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই নাগৰিক সভাখন ৷

এই সভাত বিভিন্ন স্তৰৰ সমাজ সচেতন ব্যক্তিসকল উপস্থিত থকাৰ লগতে মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল প্ৰকাশ চক্ৰৱৰ্তী, মেৰাপানী আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক কমল গগৈ, সীমাত নিয়োজিত চি আৰ পি এফ বিষয়া, মেৰাপানী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুল মালিক, মেৰাপানী বজাৰ সমিতিৰ সভাপতি বুবু বৰা, উপ সভাপতি ফাইজুৰ ৰহমান, মেৰাপানী মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক হিৰণ্য গগৈ আদিও উপস্থিত থাকে ৷ লগতে তেওঁলোকে ৰাইজক গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ায় ।

এই সভাই সৰ্বসন্মতি ক্ৰমে নেঘেৰী বিল বনভোজস্থলী পৰিচালনা সমিতি নামেৰে এখন তদাৰক সমিতি গঠন কৰে । এই সমিতিখনে মেৰাপানী আৰক্ষী থানা আৰু চি আৰ পি এফৰ সহযোগত স্থানীয় গাঁওৰক্ষী বাহিনীৰ সৈতে মিলি ৰাইজৰ সৰ্তকতামূলক ব্যৱস্থাৰ বাবে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

বনভোজৰ নামত যাতে কোনো লোকক হাৰাশাস্তি কৰি উশৃংখল পৰিৱেশ সৃষ্টি নকৰে তাৰ বাবে প্ৰৱেশ পথৰ মাজে মাজে বেৰিকেড, সজাগতামূলক প্ৰচাৰ পত্ৰিকা আদিৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে সমিতিৰ সদস্যসকলে । তদুপৰি বনভোজ খাবলৈ অহা প্ৰতিটো দলেই বিয়লি পাঁচ বজাতেই সেই স্থান ত্যাগ কৰিব লাগিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক :এয়া বনভোজৰ বতৰ, লোকাৰণ্য ভৈৰৱকুণ্ড

ABOUT THE AUTHOR

...view details