অসম

assam

ETV Bharat / state

গোলাঘাটত "মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতা" - Golaghat

চাহ শ্ৰমিক যুৱকৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে প্ৰতিবছৰে অনুষ্ঠিত হয় এই খেল

গোলাঘাটত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতা

By

Published : Feb 8, 2019, 5:04 PM IST

গোলাঘাট, ৮ ফেব্ৰুৱাৰীঃ গোলাঘাটৰ খুমটাই বিধানসভা সমষ্টিত শুকুৰবাৰৰ পৰা আৰম্ভ হয় মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতা ২০১৮-১৯। খুমটাই চাহ বাগিচা খেল পথাৰত আয়োজিত প্ৰতিযোগিতাখন উদ্বোধন কৰে খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা অনন্ত গগৈয়ে।

গোলাঘাটত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতা ২০১৮-১৯ শুভাৰম্ভ

উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে খুমটাই জিলা পৰিষদৰ সদস্য মুনীন্দ্ৰ মোহন গগৈ, শিক্ষক জ্যোতি প্ৰকাশ গগৈ, খুমটাই চাহ বাগিচাৰ জনকল্যাণ বিষয়া জ্যোতিপ্ৰকাশ কুৰ্মী। খুমটাই সমষ্টিত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতা ২০১৮-১৯ পৰিচালনা কৰিব খেল বিভাগৰ শিক্ষক ৰবিন দত্তই। উদ্বোধনী খেলখন খুমটাই চাহ বাগিচা আৰু সেন্দুৰীটিং চাহ বাগিচা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে।

ABOUT THE AUTHOR

...view details