গোলাঘাট, 29 মে’ : সামাজিক দায়বদ্ধতাৰ পৰিচয়ৰে ক’ভিডৰ জটিল সন্ধিক্ষণত আৰ্তজনক এমুঠি অন্ন যোগানৰ বাবে ওলাই আহিল গোলাঘাটৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ । ক’ভিডৰ জটিলতা যিমানেই গভীৰ হ'বলৈ আৰম্ভ হৈছে, তাৰ সমান্তৰালকৈ ইজনে সিজনক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে ৷ গোলাঘাটত এই জটিল পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকক সহায় কৰিবলৈ ওলাই আহিছে গোলাঘাটৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যসকল । অৰ্ধ লকডাউনৰ ফলত এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে পথৰ দাঁতিত আশ্ৰয় লোৱা লোকসকলে ।
গোলাঘাটত আৰ্তজনক এমুঠি অন্ন যোগান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ - RSS
অৰ্ধ লকডাউনৰ ফলত এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে পথৰ দাঁতিত আশ্ৰয় লোৱা লোকসকলে । এইসকল লোকৰ মুখত এমুঠি আহাৰ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ গোলাঘাট জিলা শাখাই ৷
ইয়াৰ উপৰিও ১১ বজাত সকলোবোৰ বন্ধ হৈ পৰাৰ ফলত চিকিৎসালয়ত ৰোগীৰ লগত থকা অভিভাৱকসকলৰ মাজতো হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । এইসকলক এমুঠি অন্ন যোগান ধৰাৰ বাবে গোলাঘাটৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য, একাংশ ব্যৱসায়ী আৰু স্থানীয় লোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ভাত, দালি, ভাজি আদি ৰান্ধি সুন্দৰভাৱে পেকেট কৰি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু নগৰৰ বিভিন্ন অঞ্চলত বিতৰণ কৰিছে সদস্যসকলে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু স্থানীয় লোকৰ এই পদক্ষেপক শলাগ হৈছে সকলোৱে ।
লগতে পঢ়ক : স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা