কাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - বাগৰি বনাঞ্চল
13:43 July 16
কাজিৰঙাৰ বাগৰি বনাঞ্চলত মুখ্যমন্ত্ৰী সোণোৱাল
নিউজ ডেস্ক,16 জুলাই: অৱশেষত কাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে ৰাজ্য়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিগত দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিছিল ধেমাজিৰ জোনাই আৰু লখিমপুৰৰ বান পৰিস্থিতি ৷ বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহৰ দুৰৱস্থাৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় কাজিৰঙাৰ বাগৰি বনাঞ্চলত । স্পীড ব'টৰ সহায়েৰে বান পৰিস্থিতি পৰিদৰ্শন কৰা মুখ্য়মন্ত্ৰীক এই কাৰ্যত সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ লগতে অন্যান্য বিভাগীয় কৰ্তৃপক্ষৰ উচ্চ পদস্থ বিষয়াসকলে ৷
লগতে চাওকঃবেবেজীয়াত পথ দুৰ্ঘটনাত এজন নিহত
TAGGED:
বাগৰি বনাঞ্চল