বোকাখাত, 5 অক্টোবৰ :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ পিছতে মঙলবাৰৰ দিনটোত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক ৷ ২০২১-২২ পৰ্যটন বৰ্ষৰ পহিলা অক্টোবৰত পৰ্যটকে ভিৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । 22 অক্টোবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই বোকাখাতত গঁড়ৰ খৰ্গ দাহ অনুষ্ঠানত ঘোষণাৰ কৰা পিছতে অক্টোবৰ 1 তাৰিখে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে ৷
ইতিমধ্যে কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চলৰ 30 শতাংশ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে । কঁহৰা বনাঞ্চলৰ প্ৰায় 9 কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ 8 কিঃমিঃ জিপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া পাছতে বহু পৰ্যটকৰ আগমন হোৱা পৰিলক্ষিত হৈছে ৷