অসম

assam

ETV Bharat / state

বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - 5000 টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত

বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।

কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ
বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

By

Published : Jun 11, 2020, 12:59 PM IST

গোলাঘাট, 11 জুন : ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত 20% বৃদ্ধি পাইছে বাঢ়নী পানী ৷ আনহাতে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি বনাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে বাঢ়নী পানী ৷

বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বানৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ 37 নং ঘাইপথত বেৰীকেডৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই । তদুপৰি, যান-বাহনৰ গতিবেগ ঘণ্টাত 40 কিলোমিটাৰ নিৰ্ধাৰণ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ এই নিৰ্দেশনা অমান্য কৰিলে 5000 টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

লগতে পঢ়ক : 87 কোটি মূল্যৰ ভাৰতীয় আৰু বিদেশী নকল নোট জব্দ, জোৱানসহ আটক 6 জন

ABOUT THE AUTHOR

...view details