অসম

assam

ETV Bharat / state

গোলাঘাটত কৰ'ণাত আক্ৰান্ত হৈ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু - কোভিড 19 চিকিৎসালয়

গোলাঘাটৰ কোভিড 19 চিকিৎসালয়ত মৃত্যু ঘটিছে জিলাখনৰ প্ৰথমগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ ৷ মৃত ৰোগীগৰাকী বৰপথাৰ নগৰৰ 3নং ৱাৰ্ডৰ বাসিন্দা 46 বছৰীয়া জান্টি দেৱ ৷

first covid 19 patient died in golaghat assam etv bharat news
কৰ’ণা আক্ৰান্তৰ মৃত্যু

By

Published : Aug 25, 2020, 7:39 PM IST

গোলাঘাট,25 আগষ্ট: গোলাঘাটৰ কোভিড 19 চিকিৎসালয়ত মঙলবাৰে মৃত্যু ঘটে প্ৰথমগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ৷ মৃত ৰোগীগৰাকী 46 বছৰীয়া জান্টি দেৱ বুলি জানিব পৰা গৈছে । গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ 3নং ৱাৰ্ডৰ বাসিন্দা জাণ্টি দেৱে মঙলবাৰে পুৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগাত চিকিৎসাৰ অৰ্থে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আহে । চিকিৎসালয়খনত ৰোগীগৰাকীৰ দেহত ধৰা পৰে কোভিড 19 ৰ উপস্থিতি ৷ এই খবৰ প্ৰকাশ হোৱা মাত্ৰকে ততালিকে ৰোগীগৰাকীক ভৰ্তি কৰোৱা হয় কোভিড 19 চিকিৎসালয়ত ৷ ৰোগীগৰাকী ভৰ্তি হোৱাৰ কিছুসময় পিছতে মৃত্যুমুখত পৰে ৷

কৰ’ণা আক্ৰান্তৰ মৃত্যু

উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যত 92,619 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে চিকিৎসাধীন হৈ আছে 19,274 গৰাকী ব্যক্তি ৷ তদুপৰি মৃত্য়ু ঘটিছে 252 গৰাকী ব্যক্তিৰ ৷

লগতে চাওকঃডেকাসত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটা

ABOUT THE AUTHOR

...view details