অসম

assam

বৰপথাৰত ফটকাৰ গুদামত ওলমিল তলা

By

Published : Nov 4, 2021, 5:04 PM IST

প্ৰশাসন তথা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ নিৰ্দেশনা অমান্য কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে । যাৰ বাবে ফটকাৰ বিপনীয়ে বিপনীয়ে চলিছে প্ৰশাসনৰ অভিযান । বৰপথাৰৰ এগৰাকী ব্যৱসায়ীৰ গুদামত চলিল প্ৰশাসনৰ অভিযান । নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ ছীল গুদাম, ফটকা বিক্ৰীৰ অনুমতি পত্ৰ বাতিল ব্যৱসায়ীৰ ।

Godown Seal
বৰপথাৰত ফটকাৰ গুদামত ওলমিল তলা

সৰুপথাৰ, ৪ নৱেম্বৰ :ৰাজ্যৰ চৌদিশে পোহৰৰ উৎসৱ দীপাৱলীৰ (Diwali) উৎসাহ উদ্দীপনা । বিভিন্ন ধৰণৰ চাকি, লাইট আদিৰে বজাৰ ভৰিছে । ইফালে বিগত বছৰৰ দৰে এইবাৰো সেউজ দীপাৱলী (Green Diwali) উদযাপনৰ বাবে সচেতন মহলে আহ্বান জনাইছে সকলোকে ।

বৰপথাৰত ফটকাৰ গুদামত ওলমিল তলা

প্ৰদূষণ সৃষ্টিকাৰী ফটকা আদি বৰ্জন কৰিবলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া চলিছে । ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডেও (Pollution Control Board) ফটকা আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে । ইফালে ব'ৰ্ডে নিৰ্দিষ্টকৈ বান্ধি দিয়া নিৰ্দেশনা অনুসৰিহে একাংশ ব্যৱসায়ীক ফটকা (Crackers) আদি বিক্ৰীত অনুমতি দিছে । কিন্তু এনে নিৰ্দেশনা অমান্য কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ফটকাৰ অবৈধ বিক্ৰী ।

একাংশ দুষ্টচক্ৰই অবৈধভাৱে উচ্চ প্ৰাবল্যৰ বোমা, ফটকা আদি বিক্ৰী কৰিছে । যাৰ বাবে অসাধু চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষী তথা প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে । তেনে এক অভিযানৰ মাজতে গোলাঘাটৰ ধনশিৰি মহকুমাৰ বৰপথাৰত প্ৰশাসনে ছীল কৰিলে ফটকাৰ গুদাম ।

ধনশিৰি মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰাণজিৎ গগৈয়ে আৰক্ষীৰ সহযোগত নিশা চলোৱা এক অভিযানৰ সময়ত ছীল কৰা হয় ফটকাৰ গুদামটো । ছীল কৰা গুদামটো বৰপথাৰ নগৰৰ অনুপ খাটান নামৰ ব্যৱসায়ী জনৰ বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি ব্যৱসায়ীগৰাকীয়ে গুদামত অবৈধভাৱে উচ্চ প্ৰাবল্যৰ কেইবা লক্ষাধিক টকাৰ ফটকা মজুত কৰি ৰাখিছিল । ইফালে দণ্ডাধীশ গৰাকীয়ে অভিযানৰ সময়ত দুজন ব্যৱসায়ীক ফটকা বিক্ৰীৰ বাবে প্ৰশাসনে দিয়া অনুমতি পত্ৰও বাতিল কৰে ।

লগতে পঢ়ক :অসমত পেট্ৰ’লৰ মূল্য ১২ টকা আৰু ডিজেলৰ মূল্য ১৭ টকা হ্ৰাস

ABOUT THE AUTHOR

...view details