গোলাঘাট,14 জানুৱাৰীঃ হেঁপাহৰ ভোগালীৰ উৰুকাৰ আনন্দ উচাহৰ মাজতে গোলাঘাটত অঘটন ৷ গোলাঘাট নগৰৰ মাজমজিয়াত এখন মাছ সৰহবৰাহ কৰা ট্ৰাকত সংঘটিত হয় অগ্নিকাণ্ড। গোলাঘাট নগৰৰ মাছ বজাৰৰ সমীপত AP-16TP-0044 নম্বৰৰ অন্ধ্ৰপ্ৰদেশৰ পৰা গোলাঘাটলৈ চালানী মাছ কঢ়িওৱা ট্ৰাকত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ মাছ ভৰ্তি ট্ৰাকখনত শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
উৰুকাৰ চালানী মাছ কঢ়িওৱা ট্ৰাকত লাগিল জুই - গোলাঘাট নগৰৰ মাছ বজাৰ
উৰুকাৰ আনন্দ উচাহৰ মাজতে গোলাঘাটত অঘটন ৷ গোলাঘাট নগৰৰ মাজমজিয়াত এখন মাছ সৰহবৰাহ কৰা ট্ৰাকত লাগিল জুই ৷

উৰুকাৰ চালানী মাছ কঢ়িওৱা ট্ৰাকত লাগিল জুই
উৰুকাৰ চালানী মাছ কঢ়িওৱা ট্ৰাকত লাগিল জুই
এই অগ্নিকাণ্ডৰ ফলত ট্ৰাকখনৰ সন্মুখ অংশ জুইত জাহ যায় যদিও গোলাঘাট অগ্নিনিৰ্বাপক বাহিনীয়ে পৰৱৰ্তী পৰ্যায়ত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। গোলাঘাট নগৰৰ মাজমজিয়াত সংঘটিত এই অগ্নিকাণ্ডৰ ভয়াৱহতাৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰে গোলাঘাট নগৰ ৷
আৰু পঢ়কঃউৰুকাৰ প্ৰাকক্ষণত বঙাইগাঁৱৰ তামৰঙা বিলত এতিয়া মাছৰ উজান