অসম

assam

ETV Bharat / state

সৰু পথাৰত ভয়ংকৰ অগ্নিকাণ্ড - FIRE IN A SHOPPING COMPLEX

সৰুপথাৰত অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল প্ৰায় ছখনকৈ দোকানৰ সামগ্ৰী ৷ বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

জুইত জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠান

By

Published : Sep 26, 2019, 3:37 PM IST

সৰুপথাৰ, ছেপ্টেম্বৰ 26 : সৰুপথাৰত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এটা অগ্নিকাণ্ডৰ ঘটনা ৷ নগৰখনৰ গান্ধী মূৰ্তিৰ সমীপৰ এখন দোকানত সূত্ৰপাত হয় জুইৰ৷ দোকানখনৰ কাষতে থকা প্ৰায় ছখনকৈ দোকানলৈ বিস্তাৰিত হয় জুইৰ লেলিহান শিখা ৷ যাৰ ফলত জুইত জাহ যায় দোকানগৃহৰ লগতে সা-সামগ্ৰী ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা দোকানখনৰ গৰাকী আছিল পিংকু দত্ত ৷ বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

জুইত জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠান

অৱশ্যে অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় সৰুপথাৰ আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী ৷ প্ৰায় ডেৰঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰা হয় ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details