সৰুপথাৰ,13 মাৰ্চঃ গোলাঘাটৰ বৰপথাৰ নগৰৰ ২নং ৱাৰ্ডত অগ্নিকাণ্ড ৷ 'পাপু মণ্ডল' গুদাম ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ গুদাম ঘৰটোৰ কাষত জাৱৰ জ্বলোৱাৰ পাচতেই সেই জুইৰ পৰাই সূত্ৰপাত ঘটে অগ্নিকাণ্ডটোৰ ৷ গুদাম ঘৰত জুই লগা জানিব পাৰি হুৱাদুৱা লাগে অঞ্চলটোত ৷ ততাতৈয়াকৈ স্থানীয় লোকসকল হাতে হাতে বাল্টি লৈ জুই নুমুৱাবলৈ চেষ্টা কৰাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে ৷পাচত অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপন কৰে সম্পূৰ্ণৰূপে ৷
বৰপথাৰ নগৰৰ ২নং ৱাৰ্ডত অগ্নিকাণ্ড - fire at golaghat
বৰপথাৰ নগৰৰ 'পাপু মণ্ডল' গুদাম ঘৰত অগ্নিকাণ্ড ৷ গুদাম ঘৰৰ কাষত জাৱৰ জ্বলোৱাৰ পাছতে সেই জুইৰ পৰাই সূত্ৰপাত ঘটে অগ্নিকাণ্ডটোৰ ৷

বৰপথাৰ নগৰৰ ২নং ৱাৰ্ডত অগ্নিকাণ্ড
বৰপথাৰ নগৰৰ ২নং ৱাৰ্ডত অগ্নিকাণ্ড