সৰুপথাৰ,23 আগষ্ট:সামাজিক মাধ্যমত শিৱসাগৰ বাসী ৰাইজ আৰু শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈক পাগল আখ্যা দিয়া প্ৰহ্লাদ নাথ নামৰ যুৱকজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ এই সন্দৰ্ভত সোমবাৰে বৰপথাৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অখিল গগৈক অশ্লীল গালি-গালাজ পৰা যুৱক জনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী সকলে ৷
উল্লেখ্য যে, প্ৰহ্লাদ নাথ নামৰ যুৱকজনে দেওবাৰে সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতে যুৱক জনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল শিৱসাগৰবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ৷ ইয়াৰ মাজতে সোমবাৰে বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাও সহ বিষয়ববীয়া সকলে ৷ দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে ৷