গোলাঘাট,11 ডিচেম্বৰ: বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহা বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে প্ৰতিবাদকাৰীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই অহা প্ৰতিবাদকাৰীক আক্ৰমণৰ অভিযোগ খুমটাইৰ বিধায়কগৰাকীৰ বিৰুদ্ধে।
মহিলা প্ৰতিবাদকাৰীক টনা আঁজোৰাৰ অভিযোগ মৃণাল শইকীয়াৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ ভাষ্য অনুসৰি বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে খুমটাই সমষ্টিৰ বেতিয়নীৰ মিলন পুথিভঁৰালত সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ কৰিছিল স্থানীয় লোকে। প্ৰতিবাদৰ প্ৰায় ডেৰ ঘন্টাৰ পিচতেই বিধায়ক মৃণাল শইকীয়াই নিজ সমৰ্থকক লৈ বেতিয়নীত উপস্থিত হয়। বিধায়কগৰাকীয়ে পাৰ্থপ্ৰতিম বৰকটকী নামৰ এজন যুৱকক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও পৰীক্ষিত শইকীয়াক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে।
লগতে পঢ়ক: তিনিচুকীয়াত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডঃপথ অৱৰোধ প্ৰতিবাদকাৰীৰ
ইমানতেই শান্ত নাথাকি বিধায়ক মৃণাল শইকীয়াই প্ৰাঞ্জল শইকীয়া নামৰ যুৱকজনৰ মাতৃ সুৰজ শইকীয়াক টানি আঁজুৰি নিজ গাড়ীত উঠাবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে। ফলত মঙলবাৰে নিশা বেতিয়নীৰ প্ৰতিবাদকাৰীয়ে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে।
বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু আনহাতে উক্ত ঘটনা সন্দৰ্ভত নিজ স্পষ্টীকৰণ দিয়ে বিধায়কগৰাকীয়ে ৷ বিধায়ক মৃণাল শইকীয়াই সমষ্টিটোৰ বাট-পথ নিৰীক্ষণ কৰিবলৈ যাওতেই দহ পোন্ধৰ জনীয়া এটা দলৰ লগত মুখামুখি হয়। প্ৰতিকৃতি দাহ কৰি থকা উক্ত দলটোৱে বিধায়কগৰাকীলৈ লক্ষ্য কৰি শিল দলিয়াই।পৰৱৰ্তী সময়ত হাতত লাঠি লৈ থকা প্ৰতিবাদকাৰীসকলে তেওঁৰ গাড়ীলৈ খেদি আহে লগতে প্ৰতিবাদকাৰীৰ নিজৰ ভিতৰতে টনা আঁজোৰা হোৱাত প্ৰতিবাদকাৰীৰ মোবাইলটো পুখুৰীত পৰে বুলি নিজ স্পষ্টীকৰণ দিয়ে বিধায়ক মৃণাল শইকীয়াই ৷ ইয়াৰোপৰি সাংবাদিকৰ আগত আছুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷