অসম

assam

ETV Bharat / state

Golaghat AASU: ধনশিৰিত আছুৰ নৱ-নিৰ্বাচিত বিষয়ববীয়াক সম্বৰ্ধনা - Felicitation Program in Golaghat

ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট জিলাৰ নৱনিৰ্বাচিত আছুৰ বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন । গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানত ।

Felicitation of newly-elected members of AASU
ধনশিৰিত আছুৰ নৱ-নিৰ্বাচিত বিষয়-ববীয়াক সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:37 PM IST

সৰুপথাৰ,৩ অক্টোবৰ:সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ অন্তৰ্গত অন্যতম শক্তিশালী মহকুমা ছাত্র সন্থা হৈছে ধনশিৰি মহকুমা ছাত্ৰ সন্থা । এই ধনশিৰি মহকুমা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ নৱনিৰ্বাচিত সমিতিৰ সভাপতি গীতাৰ্থ শইকীয়া আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈক সৰুপথাৰত সম্বৰ্ধনা জনোৱা হয় ৷ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ সভাকক্ষত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে ধনশিৰি মহকুমা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক মিণ্টু গগৈয়ে ৷

ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰাই সভাপতিত্ব কৰা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আছুৰ মহকুমা সমিতৰ লগতে বৰপথাৰ, সৰুপথাৰ, উৰিয়ামঘাট, নাওজান, চুঙাজান, টেঙানি, গেলাবিল, বিলগাও আঞ্চলিক সমিতিৰ লগতে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, আটছাৰ সৰুপথাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰাও দুয়োগৰাকী সভাপতি সম্পাদকক সম্বৰ্ধনা জনোৱা হয় ৷

ধনশিৰিত আছুৰ নৱ-নিৰ্বাচিত বিষয়-ববীয়াক সম্বৰ্ধনা

উক্ত সম্বৰ্ধনা অনুষ্ঠানটোত নৱগঠিত সভাপতি সম্পাদকৰ সৈতে উপস্থিত আছু কৰ্মী আৰু অন্যান্য জাতীয় সংগঠনৰ নেতা কৰ্মীসকলে এক মত বিননিময় অনুষ্ঠানো সম্পন্ন কৰে ৷ মত বিনিময় অনুষ্ঠানত থাকে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দ্বীপেন কুমাৰ বৰা । অসমীয়া জাতিৰ বাবে তথা ৰাইজৰ হকে আছুৱে কিদৰে সমুখৰ পৰা মাত মাতি সবল আৰু দৃঢ়ভাৱে কাম কৰি যাব সেই সন্দৰ্ভত মন্তব্য আগবঢ়াই ৷

লগতে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিৰ জীৱনৰহকে সবল স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে যিহেতু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নতুন সমিতিখনৰ দায়িত্ব নতুন প্ৰজন্মৰ হাতত অৰ্পণ কৰা হৈছে তেনেক্ষেত্ৰত জিলাখনৰ অন্তৰ্গত মহকুমা তথা আঞ্চলিক সমিতিৰ ছাত্ৰ কৰ্মীসকলক লগত লৈ নতুন সমতিখনে অনাগত দিনত গোলাঘাট জিলাৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে ৷

আনহাতে সভাত উপস্থিত বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়া সকলেও নিজ নিজ মন্তব্য প্ৰকাশ কৰে ৷ অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শশধৰ গগৈ, চুতীয়া ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমাৰ সভাপতি অভিজিৎ শইকীয়া, সাধাৰণ সম্পাদক ৰক্তিম হাজৰিকা, উপ-সভাপতি ধ্ৰুৱ জ্যোতি বৰা, আটাছুৰ ধনশিৰি সমিতিৰ সভাপতি অনন্ত গগৈ, আটছাৰ গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি তিলক ভুমিজকে আদি কৰি আছুৰ আঠখন আঞ্চলিকৰ সভাপতি সম্পাদকৰ লগতে সদস্যসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Juria News: জুৰীয়াৰ মুক্তাব বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি গঠনত ব্যাপক অনিয়মৰ অভিযোগ

For All Latest Updates

ABOUT THE AUTHOR

...view details