সৰুপথাৰ, ১১ ডিচেম্বৰ:এটা ব্যতিক্ৰমী প্ৰেম কাহিনী ৷ এয়া আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ যুৱক-যুৱতীৰ প্ৰেম কাহিনী নহয়। কাৰণ এই প্ৰেম কাহিনীত নাই কোনো নায়কৰ চৰিত্ৰ। এই প্ৰেম কাহিনীৰ দুয়োগৰাকীয়ে হৈছে নায়িকা। সোঁতৰ বিপৰীতে গৈ সমাজৰ সকলো বাধাকো নেওচি সুকলমে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিলে হাচিনা আৰু কৰিশ্মাৰ নামৰ দুই যুৱতীয়ে ৷
এই খবৰ লাভ কৰাৰ পিচতেই হাচিনাৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ পৰিয়ালৰ লোকে হাচিনাক বাৰে বাৰে এই সিদ্ধান্ত নল’বলৈ বুজাইছিল যদিও কোনো কাৰণতে হাচিনাই সেই কথা মানিবলৈ সন্মত নহয় ৷ ফলত পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ সৰুপথাৰৰ আদালতত উপস্থিত হৈ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ মাজেৰে কন্যা হাচিনা বেগম ওৰফে তনবীৰ খানক ত্যাজ্যপুত্ৰী ঘোষণা কৰে ৷
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, সৰুপথাৰ উৰিয়ামঘাট অঞ্চলৰ বিদ্যাপুৰ গাঁৱৰ মঃ মইনউদ্দিনৰ কনিষ্ঠা কন্যা হাচিনা বেগম ওৰফে তনবীৰ খান নামৰ যুৱতীগৰাকীয়ে মেট্ৰিক পাছ কৰিয়েই তিনি বছৰৰ পূৰ্বে যোৰহাটৰ এটি NGO ত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । তেতিয়াই কৰিশ্মাক লগ লগ পাইছিল হাচিনাই ৷ কৰিশ্মা দাসৰ ঘৰ যোৰহাটত ৷ NGO ত কাম কৰি থকাৰ সময়তেই হাচিনা-কৰিশ্মাৰ সম্পৰ্ক প্ৰেমলৈ পৰিৱৰ্তন হৈছিল ৷ সময়ৰ গতিত প্ৰেম ক্ৰমাৎ গভীৰৰ পৰা গভীৰতৰলৈ পৰিৱৰ্তিত হ'ল।