অসম

assam

ETV Bharat / state

পৰম্পৰাগত সাজেৰে বৰহোলাত ফেশ্বন শ্ব’ - Borhola fashion show with traditional dress

জনজাতীয় সাজপাৰ পৰিধানেৰে বৰহোলাত অনুষ্ঠিত হ’ল ফেশ্বন শ্ব’ (Fashion show in Borhola) ৷ প্ৰথমবাৰৰ বাবে বৰহোলাত অনুষ্ঠিত হোৱা এই ফেশ্বন শ্ব’ক লৈ উৎফুল্লিত হৈ পৰিল বৰহোলাবাসী ৷

fashion
পৰম্পৰাগত সাজেৰে বৰহোলাত ফেশ্বন শ্ব’

By

Published : May 30, 2022, 2:11 PM IST

বৰহোলা, 30 মে’ :বৰহোলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী পৰ্যায়ৰ ফেশ্বন শ্ব’ ৷ কণ কণ শিশু সকলে জনজাতীয় সাজপাৰ পিন্ধি অংশ ল’লে এই ফেশ্বন শ্ব’ত ৷ ৰাইজৰ সঁহাৰি দেখি অভিভূত হৈ পৰিল ফেশ্বন শ্ব’ৰ উদ্যোক্তা (Fashion show in Borhola) ৷

বৰহোলা অঞ্চলৰ প্রতিভাবান শিশু সকলক এক মঞ্চ দিয়াৰ উদ্দেশ্য এই পৰম্পৰাগত সাজ পাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় (Borhola fashion show with traditional dress) । সমগ্ৰ ভাৰতবৰ্ষকে ধৰি অসমতো পশ্চিমীয়া দেশসমূহৰ কলা সংস্কৃতিয়ে আগুৰি ধৰাৰ সময়তে বৰহোলা বাসী ৰাইজে আয়োজন কৰিলে কৰিলে এক ব্যতিক্ৰমী পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা ।

পৰম্পৰাগত সাজেৰে বৰহোলাত ফেশ্বন শ্ব’

সম্পূৰ্ণ মিচিং ,বড়ো, আহোঁম , ৰাভা , মটক ,চুতীয়াকে ধৰি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ কাঢ়িলে কণ কণ শিশু সকলে । এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱায়ে ৷

লগতে পঢ়ক:Laal Singh Chaddha trailer: ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ মুকলি

ABOUT THE AUTHOR

...view details