বোকাখাত, 11 মে’: কাজিৰঙাত কৃষকৰ প্ৰতিবাদ (Farmers protest in Kaziranga) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) তৃতীয় সংযোজনৰ নামত স্থানীয় ৰাইজক প্ৰতাৰণাৰ অভিযোগ স্থানীয় ৰাইজৰ । ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ৷
ঘটনা অনুসৰি, 2020 চনতে ৰাইজৰ প্ৰায় 1156 বিঘা মাটি বন বিভাগে অধিগ্ৰহণ কৰিছিল ৷ অৱশ্যে মাটি হেৰুওৱা লোকসকলক ক্ষতিপূৰণৰ আশ্বাস দিয়া হৈছিল চৰকাৰৰ তৰফৰ পৰা ৷ পিছে বিগত দুটা বছৰে কোনোধৰণৰ ক্ষতিপূৰণ লাভ নকৰিলে শিলজুৰী, মেথনী অঞ্চলৰ কৃষক ৰাইজে । বহুবাৰ প্ৰশাসন তথা বন বিভাগক ক্ষতিপূৰণৰ বাবে আবেদন কৰাৰ পাছতো এইক্ষেত্ৰত গা লৰা নাই চৰকাৰৰ ।