অসম

assam

ETV Bharat / state

গোলাঘাটত বানৰ বাবেই কেঁচাতে ধান কাটিবলৈ বাধ্য কৃষক

গোলাঘাটত কৰ'ণাৰ সমান্তৰালকৈ বানে নিদ্ৰা হৰিছে বহু কৃষকৰ । গোলাঘাটৰ এলেংমাৰী অঞ্চল শ শ বিঘা বড়ো ধানৰ খেতিত পানী সোমোৱাৰ ফলতেই প্ৰতিকূল বতৰক নেওচি কৃষকে কেচাতে কাটিবলৈ বাধ্য হৈছে বড়ো ধান ।

গোলাঘাট
গোলাঘাটত বানৰ বাবেই কেচাতে ধান কাটিবলৈ বাধ্য কৃষক

By

Published : May 28, 2020, 5:27 PM IST

গোলাঘাট, ২৮ মে': গোলাঘাট জিলাত কৰু'ণা মহামাৰীৰ সংসাৰৰ মাজতে বানে নিদ্ৰা কাঢ়িছে বহু কৃষকৰ । যাৰ বাবে কেচাতে কাটিবলগীয়া হৈছে বড়ো ধানৰ অপৈনত খেতি ।

গোলাঘাটত বানৰ বাবেই কেচাতে ধান কাটিবলৈ বাধ্য কৃষক

গোলাঘাটৰ মিচিং আধুষিত নিকৰি এলেংমাৰী অঞ্চলৰ এলেংমাৰী বান্ধৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বৈ যোৱা বাবেই শ শ বিঘা বড়ো ধানৰ খতিত সোমায় পানী ।

গোলাঘাটত বানৰ বাবেই কেচাতে ধান কাটিবলৈ বাধ্য কৃষক

লগতে চপৰা চপৰে খহিছে নৈ পাৰ । কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এই এলেংমাৰী কৃষি বান্ধটো সময়মতে মেৰামতি নকৰাৰ বাবেই নিকৰি, এলেংমাৰী, গুটুং, নৈগাঁও, বৰতল,গৰৈমাৰী আদি কৰি প্ৰায় 50 খন গাঁৱৰ শ শ বিঘা বড়ো ধানৰ খেতি পানীৰ তলত যোৱা উপক্ৰম হৈছে । যাৰ ভয়ত প্ৰতিকূল বতৰক নেওচি কৃষকে কেচাতে কাটিছে বড়ো ধান ।

গোলাঘাটত বানৰ বাবেই কেচাতে ধান কাটিবলৈ বাধ্য কৃষক

ABOUT THE AUTHOR

...view details