অসম

assam

By

Published : May 30, 2021, 4:08 PM IST

ETV Bharat / state

সৰুপথাৰত নাই বৰষুণ: মূৰে কপালে হাত দিছে কৃষক ৰাইজে

সৰুপথাৰত নাই বৰষুণ, চিন্তাত মূৰে কপালে হাত দিছে কৃষকে । বৰষুণ নোহোৱাৰ বাবে গভীৰ চিন্তাত পৰিছে ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলৰ ৰেংমাই গাঁৱৰ কৃষক ৰাইজ ৷ পানী নথকাৰ বাবে গাঁওখনৰ প্ৰতিখন পথাৰত মেলিছে চিৰালফাঁট ।

sarupathar
সৰুপথাৰত নাই বৰষুণ মুৰে কপালে হাত দিছে কৃষক ৰাইজে

সৰুপথাৰ, ৩০ মে': চাৰিওফালে যেন সমস্যা । এফালে কৰ'ণা মহামাৰীৰ সন্ত্ৰাস আনফালে পথাৰত পানী নোহোৱাত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ । মহামাৰী ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা নিয়মৰ বাবে ইতিমধ্যে কৃষক ৰাইজ যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে । তেনে সময়তে পথাৰত পানী নোহোৱাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে ।

সৰুপথাৰত নাই বৰষুণ মুৰে কপালে হাত দিছে কৃষক ৰাইজে

বৰষুণ নোহোৱাৰ বাবেই ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলৰ ৰেংমাই গাঁৱৰ কৃষক ৰাইজ গভীৰ চিন্তাত পৰিছে । ইতিমধ্যে জেঠ মাহৰ ১১/১২ দিন অতিক্ৰম হোৱাৰ পাচতো এতিয়ালৈকে বৰষুণৰ নামত পথাৰত এটুপিও পানী নোহোৱাৰ ফলত এতিয়ালৈকে কঠিয়াকে পাৰিব পৰা নাই খেতিয়কসকলে । ৰেংমাই গাঁৱৰ পথাৰত পানী নথকাৰ বাবে চিৰালফাঁট মেলিছে প্ৰতিখন পথাৰ । যিটো সময়ত খেতিৰ কাৰণে মানুহৰ গাত তৰণি নাথাকে সেই সময়তে শুই বহি দিন পাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ কৃষক ৰাইজে ।

উল্লেখ্য যে, সৰুপথাৰ অঞ্চলৰ সৰহসংখ্যক লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল । যোৱা বছৰো পানী নোহোৱাত ভাত মুঠি যোগাৰ কৰিব নোৱাৰিলে অঞ্চলটোৰ কৃষকে ৷ তেনস্থলত এইবাৰো যদি তেনেকুৱা হয় নিগমে মৰিব সকলো । ইফালে ৰেংমাই গাঁৱৰ পথাৰৰ গাতে জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও পথাৰলৈ নলা সংযোগ নথকা বাবেই পানী নিয়াৰ কোনো সুবিধা নাই । সেয়ে ৰেংমাই গাঁৱৰ কৃষক ৰাইজে অতিশীঘ্ৰে জলসিঞ্চনৰ পানী দিয়াৰ সুবিধা হোৱাকৈ নলাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কতৃপক্ষক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনলৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

ABOUT THE AUTHOR

...view details