অসম

assam

ETV Bharat / state

দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ

গোলাঘাটৰ দেৰগাঁৱত স্পেচিয়েল টাস্ক ফ'ৰ্চৰ অভিযানকাৰী দলে জব্দ কৰিলে ১৮ লাখ টকাৰ জাল নোট । দেৰগাঁৱৰ 'ব্লু ষ্টাৰ' নামৰ লজখনত অভিযান চলাই জব্দ কৰে জাল নোটখিনি । স্পেচিয়েল টাস্ক ফ'ৰ্চৰ অভিযানত গ্ৰেপ্তাৰ ধীৰাজ আহমেদ আৰু জয়ন্ত শইকীয়া নামৰ দুজন লোক ।

By

Published : Jan 19, 2021, 1:51 PM IST

দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ
দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ

গোলাঘাট, ১৯ জানুৱাৰী: সোমবাৰে নিশা গোলাঘাটৰ দেৰগাঁৱৰ 'ব্লু ষ্টাৰ' লজত গুৱাহাটীৰ পৰা যোৱা স্পেচিয়েল টাস্ক ফ'ৰ্চৰ অভিযান । হোটেলখনৰ পৰা ১৮ লাখ টকাৰ জাল নোটসহ দুজন লোকক আটক কৰে অভিযানকাৰী দলটোৱে ।

দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ

দীৰ্ঘদিন ধৰি জাল নোটৰ বেহাৰে জড়িত আছিল দেৰগাঁৱৰ কয়লাঘাটৰ ধীৰাজ আহমেদ আৰু চৰাই চাপৰিৰ জয়ন্ত শইকীয়া নামৰ লোক দুজন ।

দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ

'ব্লু ষ্টাৰ' লজৰ পৰাই ধৃত লোক দুজনে জাল নোটখিনি সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল । অৱশেষত সোমবাৰে নিশা স্পেচিয়েল টাস্ক ফ'ৰ্চ আৰু দেৰগাঁও আৰক্ষীয়ে যুটীয়া অভিযান চলাই দুই জাল নোট সৰবৰাহকাৰীক আটক কৰে । লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোট ।

দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে,দেৰগাঁও চহৰৰ সমীপৰে এটা অঞ্চলত বহু দিনৰ পৰাই চলি আহিছে এই নকল টকাৰ বেহা । স্পেচিয়েল টাস্ক ফ'ৰ্চৰ অভিযানকাৰী দলটোৱে ধীৰাজ আহমেদ আৰু জয়ন্ত শইকীয়াক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে নিশাই গুৱাহাটীলৈ লৈ যায় ।

লগতে পঢ়ক:শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নষ্ট হ’ল ১০০০ কোভিড প্ৰতিষেধক

ABOUT THE AUTHOR

...view details