অসম

assam

ETV Bharat / state

বোকাজানত আৰক্ষীৰ অভিযানত উদ্ধাৰ 10 লক্ষাধিক জালনোট

বহু দিন ধৰি বোকাজান মহকুমাৰ ঘৰীয়ালদুবি অঞ্চলৰ এটা ভাড়া ঘৰত ধৃত জেমচ গয়াৰীয়ে জালনোট প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছিল ।

By

Published : Apr 24, 2019, 12:46 AM IST

বোকাজানত আৰক্ষীৰ অভিযানত উদ্ধাৰ ১০ লক্ষাধিক জালনোট

বোকাজান, 23 এপ্ৰিলঃ বোকাজানত আৰক্ষীৰ অভিযানত উদ্ধাৰ 10 লক্ষাধিক জালনোট । মহিলাসহ 4 জনক আটক আৰক্ষীৰ ।

বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় এই দুষ্ট চক্ৰটোক । এক গোপন সূত্ৰৰ পম খেদি জালনোট খিনি ক্ৰয় কৰিবলৈ যোৱাৰ চলেৰে আটক কৰে মহিলা সহ চাৰি জনক । আটক হোৱা লোক কেইজন ক্ৰমে কৰিমগঞ্জৰ আব্দুল মালিক , হোজাইৰ মহম্মদ তাজুদ্দিন, ওদালগুৰিৰ জেমচ গয়াৰী আৰু নাগালেণ্ডৰ কৃষিমলা ইমচেঙা বুলি জানিব পৰা গৈছে । লগতে এখন স্কুটি আৰু এখন অ’টো জব্দ কৰে আৰক্ষীয়ে । বহু দিন ধৰি বোকাজান মহকুমাৰ ঘৰীয়ালদুবি অঞ্চলৰ এটা ভাড়া ঘৰত ধৃত জেমচ গয়াৰীয়ে জালনোট প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছিল । আজিও ঠিক আগৰ দৰেই 8 লাখ জাল নোট বিক্ৰী কৰিবলৈ যাওঁতেই আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় ধৃত জেমচ গয়াৰীক । জেমচ গয়াৰীৰ ভাড়া ঘৰৰ পৰা জালনোট প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা প্ৰিন্টিং মেচিন , লেমিনেচন মেচিন , জেৰক্স মেচিন আৰু অন্যান্য বহু সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।

বোকাজানত আৰক্ষীৰ অভিযানত উদ্ধাৰ ১০ লক্ষাধিক জালনোট

ABOUT THE AUTHOR

...view details