অসম

assam

ETV Bharat / state

Fake Note in Golaghat: এখন নোটে হুলস্থুল লগালে গোলাঘাটত - Golaghat fake note case

এখন 2000 টকীয়া নোটে সোমবাৰৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে গোলাঘাটত (Fake note in Golaghat)৷ এজন গ্ৰাহকে দোকানী এজনক দিয়া নোট বেলেগ দোকানত খুচুৰা কৰি অনাৰ পিছতেই নোটখন নকল বুলি অভিযোগ তোলে দোকানীজনে ৷ অভিযুক্ত গ্ৰাহকজনৰ মতে সেইখন নোট তেওঁ দিয়া নাছিল ৷

Fake Note in Golaghat
এখন নোটে হুলস্থুল লগালে গোলাঘাটত

By

Published : Mar 14, 2022, 7:59 PM IST

Updated : Mar 15, 2022, 2:45 PM IST

গোলাঘাট, 14 মাৰ্চ: এখন ২০০০ টকীয়া নকল নোটক লৈ সোমবাৰে গোলাঘাটত সৃষ্টি হ’ল হুলস্থূলীয়া পৰিস্থিতিৰ ৷ বহিঃৰাজ্যত কৰ্মৰত তিতাবৰৰ এজন যুৱকে এজন দোকানীক নকল টকা দিয়াৰ অভিযোগত উত্তপ্ত হৈ পৰে পৰিস্থিতি (Fake note in Golaghat)৷ আনহাতে উক্ত নোটখন অভিযুক্ত যুৱকজনে দিয়া নাই বুলি মন্তব্য কৰিছে ৷

গুজৰাটৰ পৰা গৃহামুখী তিতাবৰৰ এজন যুৱকে পথৰ দাঁতিৰ এখন দোকানৰ পৰা কিনিছিল এটা মানিবেগ । বেগটোৰ মূল্য আদায় কৰিবলৈ ২০০০ টকাৰ এখন নোট যুৱকজনে আগবঢ়াই দিয়ে দোকানীক । পৰ্যাপ্ত খুচুৰা টকা নথকাৰ বাবে দোকানীজনে ২০০০ টকাৰ নোটখন খুচুৰা কৰিবলৈ নিয়ে কাষৰ এটা গুদামলৈ । পিছে নোটখন খুচুৰা কৰি উভতাই পিছতে যুৱকজনে দিয়া নোটখন নকল বুলি দোকানীজনে অভিযোগ তোলাৰ লগতে জেৰা কৰে গ্ৰাহক যুৱকজনক ।

এখন নোটে হুলস্থুল লগালে গোলাঘাটত

গ্ৰাহকজনৰ মতে আচল টকা দিয়া হৈছিল দোকানীজনক । খুচুৰা কৰিবলৈ বুলি নি নোটখন সলাই অনাৰ অভিযোগ উত্থাপন কৰিলে দোকানীজনৰ বিৰুদ্ধে । হুলস্থুল দেখি গোট খোৱা ৰাইজেও কোন সঁচা কোন মিছা নিৰ্ধাৰণ কৰিব নোৱাৰিলে । অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰাহক-দোকানী দুয়োকে থানালৈ লৈ যায় ।

আনহাতে, নকল নোটখনক লৈ অৱতাৰণা হৈছে বহু প্ৰশ্নৰ ৷ একাংশৰ অভিযোগ অনুসৰি পূৰ্বেও এনেদৰে গ্ৰাহকে 500 টকা, 2000 টকাৰ নোট দোকানীক দিয়াৰ পিছত নকল নোট দিয়াৰ অভিযোগেৰে গ্ৰাহকক বিপদত পেলোৱাৰ দৰে কাণ্ড সংঘটিত হোৱাৰো অভিযোগ আছে একাংশ ব্যৱসায়ীৰ বিৰূদ্ধে ৷ এনে অৱস্থাত সোমবাৰৰ এই ঘটনাত কোন দোষী, কোন নিৰ্দোষী সেয়া সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক:গোৱালপাৰাত ছাত্ৰীয়ে লপা-থপা দিলে শিক্ষকক

Last Updated : Mar 15, 2022, 2:45 PM IST

ABOUT THE AUTHOR

...view details