বোকাখাত, 21 ফেব্ৰুৱাৰী :বোকাখাতত চলিছে এতিয়া পৌৰসভা নিৰ্বাচনৰ গৰম বতাহ । পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সলনি হৈছে বোকাখাতৰ ৰাজনৈতিক দৃশ্যপট । সন্মিলিত গণশক্তি সমৰ্থনত বোকাখাত পৌৰসভাৰ ১ নং ৱাৰ্ডৰ পৰা কৃষ্ণ কাৰ্ডঙে প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও অন্তিম ক্ষণত গণশক্তি দলে কৃষ্ণ কাৰ্ডঙৰ সমৰ্থন প্ৰত্যাহাৰ কৰে(Krishna Kardong expelled from Ganashakti party) ।
গণশক্তি দলে অগপ আৰু বিজেপি মিত্ৰজোঁটৰ লগত ৰাজনৈতিক বুজাপৰা কৰি কৃষ্ণ কাৰ্ডঙক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ জোৰ কৰিছিল যদিও কৃষ্ণ কাৰ্ডঙে মনোনয়ন প্ৰত্যাহাৰ নকৰি নিৰ্দলীকৈ প্ৰতিদন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।