অসম

assam

ETV Bharat / state

কলিয়াবৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে - জিতেন গগৈ

"বংশবাদী ৰাজনীতি আৰু অপশাসনৰ বিৰুদ্ধে কলিয়াবৰ লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত একত্ৰিত হওঁক কলিয়াবৰবাসী ৷" এই মন্তব্য বোকাখাত বিধানসভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ৷

বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক জিতেন গগৈ

By

Published : Mar 31, 2019, 2:48 PM IST

Updated : Mar 31, 2019, 3:27 PM IST

বোকাখাত , 31 মাৰ্চ : বংশবাদী ৰাজনীতি আৰু অপশাসনৰ বিৰুদ্ধে কলিয়াবৰ লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত একত্ৰিত হওক কলিয়াবৰবাসী ৷ বোকাখাত বিধানসভা সমষ্টিৰ দুবাৰকৈ নিৰ্বাচিত প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক জিতেন গগৈ

সাংবাদিকৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিধায়ক গৰাকীয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ৰাইজক একত্ৰিত হবলৈ আহ্বান জনায় । ইয়াৰোপৰিকলিয়াবৰ সমষ্টিৰ সমস্যাৰাজি বানপানী, গৰাখহনীয়া, কৰ্মহীনতা, কাজিৰঙাৰ বন্যপ্ৰাণী ইত্যাদি সন্দৰ্ভত আলোকপাত কৰি কংগ্ৰেছ তথা বৰ্তমান চৰকাৰখনে এই পৰ্যন্ত কোনো পদক্ষেপ ল'ব নোৱাৰিলে বুলি তেওঁ উল্লেখ কৰে । লগতে বিধায়ক গৰাকীয়ে কয় যে আছু, অখিল গগৈ, অগপকে আদি কৰি দল সংগঠন সমূহে ৰাইজক বিপথে পৰিচালিত কৰি ৰাজনীতি কৰি আছে ৷ আনহাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ৰোধিবলৈ কংগ্ৰেছৰ লগত কোনো গোপন মিত্ৰতা নুই কৰি তেওঁ কয় যে এনডিএ অথবা ইউপিএ কেন্দ্ৰত যি চৰকাৰেই গঠন হ'ব তেওঁ সেই চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়াব ।

Last Updated : Mar 31, 2019, 3:27 PM IST

ABOUT THE AUTHOR

...view details