অসম

assam

ETV Bharat / state

কোৱাৰেন্টাইন চেন্টাৰত খাদ্য আৰু মাস্ক বিতৰণ! - জৱাহৰ নবোদয় বিদ্যালয়

গোলাঘাটত প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে কোৱাৰান্টাইন চেন্টাৰত থকা লোকসকলক প্ৰদান কৰে খাদ্য আৰু মাস্ক৷ বিধায়িকাগৰাকীৰ এনে কাৰ্যত শলাগ অঞ্চলবাসীৰ৷

quarantine center under khumtai.
কোৱাৰেন্টাইন চেন্টাৰত খাদ্য আৰু মাস্ক বিতৰণ!

By

Published : May 29, 2020, 2:51 PM IST

গোলাঘাট,29মে': বৃহস্পতিবাৰে নিশা গোলাঘাট জিলাৰ খুমটাইত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী তথা খুমটাইৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ৷ অঞ্চলটোৰ জৱাহৰ নবোদয় বিদ্যালয় আৰু আধাৰসত্ৰ বহুমুখী গৃহৰ কোৱাৰেণ্টাইন চেণ্টাৰত বিধায়িকাগৰাকী উপস্থিত হৈ চেন্টাৰত থকা 152 জন লোকক নিশাৰ আহাৰ আৰু মাস্ক বিতৰণ কৰে৷

কোৱাৰেন্টাইন চেন্টাৰত খাদ্য আৰু মাস্ক বিতৰণ!

উল্লেখ্য যে, লক ডাউনৰ ফলত বহি:ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলে ৰেল আৰু বাছৰ জৰিয়তে নিজ গৃহলৈ ৰাওনা হৈছে৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ খুমটাইটো বহু লোকৰ আগমণ ঘটিছে৷ ইতিমধ্যে অঞ্চলটোত উপস্থিত হোৱা লোকসকলক খুমটাইৰ আধাৰসত্ৰৰ বহুমূখী প্ৰকল্প আৰু চিনাতলী জৱাহৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। বৰ্তমান এই কোৱাৰেণ্টাইন চেণ্টাৰ দুটাত মুঠ 152 জন লোক আছে৷এই লোকসকলক প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে আগবঢ়োৱা খাদ্য আৰু মাস্কৰ বাবে অঞ্চলবাসীয়ে শলাগ জনায়৷

অন্য এক খবৰৰ বাবে:ইণ্ডো-নেপাল সীমান্তত পানীৰ যোগান বন্ধ নেপালৰ

ABOUT THE AUTHOR

...view details