গোলাঘাট, 2 জুলাইঃ কাজিৰঙাত বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত ৰাইজক খাদ্য আৰু বিশুদ্ধ পানী বিতৰণ কৰাৰ লগতে প্ৰত্যেককে একোখন কৈ মাস্ক বিতৰণ কৰে।
দেশত কৰ'ণা মহামাৰীৰ আতংক চলি থকাৰ মাজতেই বানপানীৰ বিভীষিকাই গা কৰি উঠিছে বিভিন্ন জিলাত ৷ ঠিক একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয় । বানত ক্ষতিগ্ৰস্ত লোক সকলক অলপ সহায়ৰ হাত আগবঢ়াবলৈ বৃহস্পতিবাৰে কোঠৰীত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । কোঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দেউপানী, বাঘমাৰী, কোঠৰী হাইস্কুল, নজান এল.পি.স্কুল, হাৰমতী এল.পি.স্কুল আদি বানশিবিৰত উপস্থিত হয় উপদলপতি ৰকিবুল হুছেইন । শিবিৰত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত ৰাইজক খাদ্য আৰু বিশুদ্ধ পানী বিতৰণ কৰাৰ লগতে প্ৰত্যেককে একোখন কৈ মাক্স বিতৰণ কৰে ।