সৰুপথাৰ, 13 এপ্ৰিল : ৰাজীৱ ইন্দেৱাৰ আৰু লক্ষ্মী ইন্দোৱাৰৰ কাষত ৰজাঘৰীয়া ৷ 12 এপ্ৰিলত ইটিভি ভাৰতে পোহৰলৈ আনিছিল পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং পদুমণি গাঁৱত এটা জৰাজীৰ্ণ জুপুৰীত জীৱন অতিবাহিত কৰা ৰাজীৱ-লক্ষ্মীৰ দুৰ্দশাৰ কাহিনী ৷ মজিয়াত ৰৈ গোটেই আকাশ চাব পৰা ঘৰটোত এসাজ খাই এসাজ লঘোনে থাকি দিন কটাইছিল এই দম্পতীয়ে ৷ কোলাৰ কেঁচুৱাটিক দিবলৈও কেতিয়াবা অভাৱ হয় ৷ দুই এপদ লাম-লাকটুৰ বাহিৰে জুপুৰীটোত একোৱেই নাই ৷ হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা স্বামী-স্ত্ৰী হালে দিনটোৰ অশেষ কষ্টৰ পাচত ক্ষণিক বিশ্ৰাম ল'বলৈ নাই এখন বিচনাও ৷ মৰাপাটৰ এটা বস্তা পাৰি তাতোই ৰাতিটো পৰি থাকে সন্তানটি বুকুত সাবটি দুয়োজন ৷ ৰ'দ- বৰষুণ বুলিবলৈ একোৱেই নাথাকে জুপুৰীটোৰ ভিতৰত ৷ কিন্তু তাৰ পাচতো চৰকাৰী কোনো সাহাৰ্য লাভ কৰা পৰিয়ালটোৱে ৷
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : ৰাজীৱ ইন্দেৱাৰ আৰু লক্ষ্মী ইন্দোৱাৰক সাহাৰ্যৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ! - sarupathar circle office
12 এপ্ৰিলত ইটিভি ভাৰতে পোহৰলৈ আনিছিল পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং পদুমণি গাঁৱত এটা জৰাজীৰ্ণ জুপুৰীত জীৱন অতিবাহিত কৰা ৰাজীৱ-লক্ষীৰ দুৰ্দশাৰ কাহিনী ৷ এই বাতৰি প্ৰকাশৰ পাচতেই ৰাজীৱ ইন্দেৱাৰ আৰু লক্ষী ইন্দোৱাৰৰ কাষত ৰজাঘৰীয়া ৷
কিন্তু ই টি ভি ভাৰতে বাতৰি প্ৰকাশ কৰাৰ পাচতেই পৰিয়ালটো সন্দৰ্ভত অৱগত হয় বিজেপিৰ যোৰহাট আৰু গোলাঘাট জিলাৰ MY GOV অসমৰ স্বেচ্ছাসেৱীসকলৰ মূৰব্বী অচিন্ত্য প্ৰাণ শৰ্মাৰ ৷ ততাতৈয়াকৈ তেওঁ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লগত যোগাযোগ কৰে ৷ তাৰ পাচতেই গোলাঘাট জিলাৰ উপায়ুক্তলৈ পৰিয়ালটিৰ বাবে ১৫ দিনৰ ৰেচন সামগ্ৰী, নদত ৫০০০ টকা দিবৰ বাবে এক নিৰ্দেশ আহে । বিহুৰ দিনাই মহকুমা প্ৰশাসনৰ হৈ সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া মৌচুমী চেতিয়া পৰিয়ালটিৰ ঘৰলৈ গৈ সামগ্ৰী সমূহ আৰু নগদ ৫০০০ টকা প্ৰদান কৰে । তাৰোপৰি আন বহু কেইজন লোক পৰিয়ালটিক সহায়ৰ বাবে আগবাঢ়ি আহে । ইফালে জৰাজীৰ্ণ ঘৰটি নিৰ্মাণ কৰিবৰ বাবে দক্ষিণ উন্নয়ণ খণ্ডই টিনপাত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিঞ্চিৎ হ'লেও যেন সুখৰ ৰ'দে ৰেঙাইছে ৰাজীৱ-লক্ষ্মীৰ জীৱন আকাশত ৷
লগতে পঢ়ক : মজিয়াত বহি আকাশৰ তৰা গণা এটা পৰিয়ালৰ কথাৰে.......