ধুবুৰী, 7 আগষ্টঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া অঞ্চলত গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱলীলা ৷ ধুবুৰী আৰু গোৱালপাৰাৰ সীমান্তৱৰ্তী তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ সমীপৰ মনকোলা-চাইলধৰা গাঁও পঞ্চায়ত কাৰ্যালয় গ্ৰাস কৰিছে বৰলুইতৰ খহনীয়াই। লগতে গাঁও পঞ্চায়তৰ প্ৰায় 10 খন কৈ গাঁৱৰ বাসিন্দাৰ নিন্দ্ৰা হৰণ কৰিছে বৰলুইতৰ খহনীয়াই ৷ বিগত কেইটা দিনত পঞ্চায়তখনৰ অধীনস্থ চেঙেৰ আলগা,বাঘপাৰা,দিনেৰ আলগা,ৰায়চান্দ,ঘুনীমাৰী,পাটাকাটা,ফুলকাকাটা আৰু কামিনীৰ ভিটা গাঁও কেইখনৰ বহু কেইটা পৰিয়ালৰ বাসগৃহ নদী খনৰ খহনীয়াত জাহ গৈছে। যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷
ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ - brahmmaputra
ধুবুৰী আৰু গোৱালপাৰাৰ সীমান্তৱৰ্তী তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ সমীপৰ মনকোলা-চাইলধৰা গাঁও পঞ্চায়ত কাৰ্যালয় গ্ৰাস কৰিছে বৰলুইতৰ খহনীয়াই

ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ
ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ
আনহাতে,গোলাঘাটৰ সৰুপথাৰ বিধান সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটত ৰেংমা নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ উৰিয়ামঘাটৰ হাতিডুবিত গড়কাপ্তানী পকী পথ ছিঙিছে ৰেংমা নদীৰ গৰাখহনীয়াই | ফলত ঘোলাপানী হালধিবাৰী,দেবীপুৰ আদি অৰ্ধশতাধিক গাৱৰ বৰ্হিঃৰাজ্যৰ লগত যোগাযোগ বিছিন্ন হৈছে | ৰেংমা নদীৰ গৰাখহনীয়া ৰোধৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই নৈপৰীয়া ৰাইজে | অসমৰ জলসম্পদ বিভাগৰ কোনো বিষয়া কৰ্মচাৰীয়ে বৰ্তমান পৰ্যন্ত অঞ্চলটোত উপস্থিত নহোৱাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷
ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ