খুমটাই, 5 জুনঃশুকুৰবাৰে বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখিয়ে খুমটাইৰ বিভিন্ন ঠাইতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷
খুমটাইৰ ভোলাগুৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো বৃক্ষ ৰোপণ কৰাৰ লগতে অঞ্চলটো চাফ-চিকুণ কৰা হয় ৷ বিগত প্ৰায় সাত বছৰে ভোলাগুৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এই দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰি আহিছে চিত্ৰাংকণ প্ৰতিযোগিতা ৷