গোলাঘাট,19 জুন:পৰিচৰ্যাৰ অভাৱত ভূত বাংলালৈ ৰূপান্তৰিত হৈছে ৰাজ্যৰ এক পশু চিকিৎসা কেন্দ্ৰ ৷ গোলাঘাট জিলাৰ কাকডোঙাৰ মাজুকুচি পশু চিকিৎসা কেন্দ্ৰটো 1985 চনত সেই সময়ৰ অগপ চৰকাৰৰ কাৰ্যকালত স্থাপন হৈছিল । কিন্তু দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জন প্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে এতিয়া জহি-খহি পৰিত্যক্ত ৰূপ লোৱা পৰিলক্ষিত হৈছে পশু চিকিৎসা কেন্দ্ৰটো ৷
পৰিচৰ্যাৰ অভাৱত পৰিত্যক্ত মাজুকুচি পশু চিকিৎসা কেন্দ্ৰ - Golaghat
জৰাজীৰ্ণ অৱস্থাত ৰাজ্যৰ এক পশু চিকিৎসা কেন্দ্ৰ ৷ ৰাজ্যৰ চৰকাৰী বিভাগসমূহৰ ভিতৰত অন্যতম বিয়াগোম পশুপালন বিভাগৰ নগ্ন স্বৰূপ প্ৰতিফলিত হৈছে খোদ পশুপালন মন্ত্ৰী অতুল বৰা গৃহ জিলাত ৷ পৰিচৰ্যাৰ অভাৱত বৰ্তমান জহি-খহি গৈছে পশু চিকিৎসা কেন্দ্ৰটো ৷
উল্লেখ্য যে, কৃষিজীৱী কাকডোঙাৰ প্ৰায় 42 খন গাঁৱৰ ৰাইজৰ পশুধনৰ আশা-ভৰষাৰ স্থান হিচাপে থকা একমাত্ৰ পশু চিকিৎসা কেন্দ্ৰটো এনেদৰে বন্ধ থকাত যমৰ যাতনা ভূগিছে অঞ্চলটোৰ ৰাইজে ৷ কিয়নো অঞ্চলটোৰ প্ৰায় 20-25 কিল’মিটাৰ দুৰৰ গোলাঘাট চহৰ নতুবা দেৰগাঁৱতহে যোগাযোগ কৰিব পৰা যায় পশু চিকিৎসকৰ লগত ৷ সেয়ে স্থানীয় ৰাইজে অচিৰে পশু চিকিৎসা কেন্দ্ৰটোৰ আন্তঃগাঁঠনিৰ পুনঃনিৰ্মাণ কৰি চিকিৎসক নিযুক্তি দিবলৈ দাবী জনাইছে পশুপালন মন্ত্ৰী অতুল বৰাক ।
লগতে চাওকঃডিব্ৰুগড়ত ভয়াবহ খহনীয়া, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ