অসম

assam

ETV Bharat / state

গোলাঘাটত ধনশিৰি নৈৰ ভয়াবহ গৰাখহনীয়া

গৰাখহনীয়াৰ ত্ৰাসত গাঁওবাসীয়ে কটাইছে বিনিদ্ৰ ৰজনী ৷ যিকোনো মূহুৰ্তত ধনশিৰিয়ে নিথৰুৱা কৰাৰ উপক্ৰম হৈছে এইসকল লোকক ৷

By

Published : Nov 28, 2019, 7:32 PM IST

Golaghat
ধনশিৰি নৈৰ ভয়াবহ গৰাখহনীয়া

গোলাঘাট, 28 নৱেম্বৰঃ গোলাঘাটৰ মৰঙী চাহ বাগিচাত ধনশিৰি নৈৰ প্ৰৱল গৰাখহনীয়া ৷ ধনশিৰিৰ খহনীয়াৰ ত্ৰাসত উজাগৰি নিশা কটাইছে অঞ্চলবাসীয়ে ৷ কিয়নো প্ৰত্যেক দিনে ধনশিৰি নৈয়ে চপৰা-চপৰে খহাইছে গাঁওবাসীৰ খেতি পথাৰৰ লগতে ঘৰ-ভেটি ।

ধনশিৰি নৈৰ ভয়াবহ গৰাখহনীয়া

গাঁওবাসীয়ে জনোৱা অনুসৰি বাৰিষাতো বাদেই এতিয়া খৰালি কালতো গৰাখহনীয়াৰ ত্ৰাসত তেওঁলোকে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ৷ ইতিমধ্যে অঞ্চলটোৰ প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ ধনশিৰিৰ বুকুত জাহ গৈছে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি এই সন্দৰ্ভত তেওঁলোকে প্ৰশাসনক অৱগত কৰে যদিও অজিকোপতি কোনো সুফল লাভ কৰা নাই ৷ সেয়ে ধনশিৰিৰ ৰুদ্ৰমূৰ্তি দেখি সম্প্ৰতি আতংকিত হৈ পৰিছে গাঁওবাসী ৷

লগতে পঢ়ক - বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ

ABOUT THE AUTHOR

...view details