অসম

assam

ETV Bharat / state

গোলাঘাটত ডিপু কতৃপক্ষৰ গ্ৰাহকক প্ৰৱঞ্চনা - ডিএন হাজৰিকা তেল ডিপু

চহৰৰ মাজমজিয়াৰ তেল ডিপুটোৰ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে ভুক্তভুগী দেৱজিৎ গগৈয়ে আইনী ব্যৱস্থা ল'ব ৷

By

Published : Apr 7, 2019, 12:50 PM IST

গোলাঘাট, 7 এপ্ৰিলঃ গোলাঘাটৰ ডিএন হাজৰিকা তেল ডিপু কতৃপক্ষৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ কৰাৰ অভিযোগ ৷ দুই লিটাৰ তেলত প্ৰায় ডেৰশ গ্ৰাম কমকৈ বিক্ৰী গ্ৰাহকক ৷

উল্লেখ্য যে, দেৱজিৎ গগৈ নামৰ গ্ৰাহকজনে ডিপুটোত পূৰ্বতে বাইকত তেল ভৰাই সঠিক পৰিমাণৰ তেল নোপোৱাৰ সন্দেহ কৰি এটা বটলত দুই লিটাৰ তেল ভৰোৱাইছিল কিন্তু জোখ-মাখ কৰি প্ৰমাণ হয় যে দুই লিটাৰত প্ৰায় ডেৰশ গ্ৰাম তেল কম হয় ৷ তাৰ পিছতেই তেল ডিপুটোৰ এই প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহে । আৰু পূৰ্বতেও তেল ডিপুটোৱে এনেধৰণে গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ আছিল যদিও নিতৌ শ শ গাড়ী বাইকত গ্ৰাহক সকলে তেল ভৰাই এই ডিপুটোৰ পৰাই ৷ সকলোকে এনেদৰে প্ৰৱঞ্চনাৰে লুটি-পুটি খাই আহিছে লাখ লাখ টকা ৷ ইতিমধ্যে, তেল ডিপুটোৰ বিৰুদ্ধে ভুক্তভুগী দেৱজিৎ গগৈয়ে আইনী ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে ।

গোলাঘাটত ডিপুৰ কতৃপক্ষই গ্ৰাহকক প্ৰৱঞ্চনা

এতিয়া প্ৰশ্ন হয় উক্ত তেল ডিপুটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ’ব, নে এনেকৈ সদায় গ্ৰাহকক প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুটি পুটি খোৱাৰ সুযোগ দি থাকিব গোলাঘাট প্ৰশাসনে ?

ABOUT THE AUTHOR

...view details