অসম

assam

ETV Bharat / state

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী চাফাৰী - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী ছাফাৰী

সোমবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ল হাতী চাফাৰী ৷ ৰাইডিং টাৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে হাতী চাফাৰীৰ শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ফিটা কাটি হাতী চাফাৰী মুকলি কৰে উদ্যানৰ DFO ৰমেশ গগৈয়ে ।

Eliphant safari open in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী ছাফাৰী

By

Published : Nov 1, 2021, 1:52 PM IST

গোলাঘাট, 1 নৱেম্বৰ :পৰ্যটকৰ বাবে এক সু-খবৰ ৷ আজিৰে পৰা পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানহাতী চাফাৰীৰ সুবিধা লাভ কৰিব পাৰিব পৰ্যটকসকলে ৷ কিয়নো আজি অৰ্থাৎ সোমবাৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰা হৈছে হাতী চাফাৰী ৷

হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব পাৰিব কাজিৰঙাৰ পৰ্যটকসকলে

পৰম্পৰা অনুসৰি, সোমবাৰে পুৱাই হাতী চাফাৰী আৰম্ভ কৰাৰ পূৰ্বে হাতী আৰু পৰ্যটকৰ কুশল কামনাৰ অৰ্থে মাউতসকলে হস্তী পূজা কৰে ৷ ক’ভিড প্ৰট’কল মানি কঁহৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় ১০ টা হাতীৰে আৰম্ভ কৰা হয় এই হাতী চাফাৰী ৷ ৰাইডিং টাৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে নাৰিকল ভাঙি হাতী চাফাৰীৰ শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ফিটা কাটি হাতী চাফাৰী মুকলি কৰে উদ্যানৰDFO ৰমেশ গগৈয়ে ।

পৰ্যটকৰ বাবে এক সু-খবৰ

বাগৰি বনাঞ্চলত নৱেম্বৰ মাহৰ পহিলা দিনটোতেই ৩০ টা ব্যক্তিগত হাতীৰে আৰম্ভ হয় হাতী চাফাৰী ৷ হাতী চাফাৰী মুকলিৰ প্ৰথমটো দিনতে একাংশ বহিঃৰাজ্যৰ পৰ্যটকৰ লগতে চাৰি বিদেশী পৰ্যটকেও চাফাৰীৰ আনন্দ উপভোগ কৰে ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় পৰ্যটকসকল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী ছাফাৰী

উল্লেখ যে, চলিত বৰ্ষৰ ১ অক্টোবৰৰ দিনা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰা হৈছিল জীপ চাফাৰী । উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে উল্লেখ কৰা অনুসৰি, বিগত ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখত জীপ চাফাৰী আৰম্ভ হোৱাৰ পাচত প্ৰায় ১৮০০০ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ আহিছিল ৷

ইয়াৰ যাৰ পৰা ৩৫ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে উদ্যান কৰ্তৃপক্ষই ৷ ইপিনে আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাতায়ত সুচাৰু হ’লে বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশাবাদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ।

লগতে পঢ়ক :সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বৈঠক

ABOUT THE AUTHOR

...view details