গোলাঘাট, 23 মে’: গোলাঘাটৰ বকিয়াল চাহ বাগিচাত শুকুৰবাৰে উদ্ধাৰ হয় এটা বন্যহস্তীৰ মৃতদেহ । দীৰ্ঘদিনৰ পৰাই হাতীটোৱে অঞ্চলটোত বিচৰণ কৰি আছিল বুলি জানিব পৰা গৈছে । পূৰ্বে বন্যহস্তীটোক বিজুলী বনাঞ্চলতো চিকিৎসা কৰিছিল চিকিৎসকে ।
গোলাঘাটত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ - Elephant's dead body found in Bokiyal Tea Estate
গোলাঘাটৰ বকিয়াল চাহ বাগিচাত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ৷ বন্যহস্তীটোৰ আগফালৰ সোঁ-ভৰিত আঘাতৰ চিন দেখা গৈছে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক আৰু চিকিৎসক উপস্থিত হৈ সৎকাৰৰ ব্যৱস্থা কৰে বন্যহস্তীটোৰ ৷
গোলাঘাটত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ
কেইবাদিনৰ পৰাই অঞ্চলটোত বিচৰণ কৰি থকা বন্যহস্তীটোৰ আগফালৰ সোঁ-ভৰিত আঘাতৰ চিন স্পষ্ট হৈ আছিল । ঘটনাস্থলীত বন বিভাগৰ লোক আৰু চিকিৎসকৰ উপস্থিতিত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক: মহানগৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা