গোলাঘাট, ২৯ ডিচেম্বৰ: ৰাজ্য়ত হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে । ইয়াৰ মাজতেই বৃহস্পতিবাৰে নিশা খুমটাই সমষ্টিৰ অন্তৰ্গত শাওঁতলী চাপৰিত এটা বৃহৎ বন্যহস্তীৰ জাকে তচনচ কৰিলে ৭ টা বাসগৃহ । অৱশ্য়ে কথমপিহে প্ৰাণৰক্ষা পৰিল গৃহস্থৰ ৷ শাওঁতলী চাপৰি, তলচাপৰিকে আদি কৰি কেইবাখনো গাঁৱত যোৱা নিশা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে চলালে তাণ্ডৱ ৷ প্ৰায় ৭০ টা হাতী থকা জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ সৰিয়হ, ৰঙালাও,আলু আদি বিভিন্ন খেতিত তাণ্ডৱ চলোৱাৰ লগতে সাতটা বাসগৃহ ধ্বংস কৰে ।
পকা ঘৰৰ বেৰ ভাঙি ভিতৰত থকা কুইন্টলে কুইন্টলে ধান খাই তহিলং কৰিছে হাতীয়ে । শাওঁতলী চাপৰিৰ বাসগৃহ কেইটাৰ দৃশ্যটো দেখিলে সকলেৰে চকুপানী ওলাব। ঘৰৰ সকলো সামগ্ৰী,আচবাব নষ্ট কৰি সপোনৰ ঘৰখন ধ্বংস কৰিলে বন্যহস্তীৰ জাকটোৱে । এতিয়া তেওঁলোক ক'ত থাকিব, কি খাব, কেনেদৰে জীৱন চলাব, তাকে ভাবি দিশহাৰা হৈছে পৰিয়ালকেইটা ৷