অসম

assam

ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস, ভাঙি তহিলং কেইবাটাও বাসগৃহ

গোলাঘাটত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ ভাঙি লণ্ডভণ্ড কেইবাটাও বাসগৃহ ৷ নিশা হ'লেই উপদ্ৰৱ চলাই বন্যহস্তীৰ জাকে ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস, ভাঙি তহিলং কেইবাটাও বাসগৃহ

By

Published : Sep 16, 2019, 10:39 PM IST

গোলাঘাট, 16 চেপ্তেম্বৰ : গোলাঘাটত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ সোমবাৰে এটা হাতীৰ জাকে ভাইটি ভক্তিয়াৰ, ৰমেশ ৰাজুৱাৰ আৰু বাবু ৰাজুৱাৰ বাসগৃহ ভাঙি তহিলং কৰাৰ লগতে খেতি পথাৰ বিনষ্ট কৰে ৷ হাতীৰ এনে উপদ্ৰৱত এতিয়া বিনদ্ৰ ৰজনী কটাইছে নুমলীগড়ৰ একাংশ ৰাইজে ৷ নুমলীগড়ৰ ৰংবং, বকিয়াল, মুৰফুলনী, মিৰিপথাৰ, সুন্দৰপুৰ আদি বিভিন্ন অঞ্চলত এতিয়া বন্যহস্তীৰ সন্ত্ৰাস ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস, ভাঙি তহিলং কেইবাটাও বাসগৃহ

অঞ্চলটোত 70 ৰ পৰা 80 টা হাতীৰ জাকে দিনে নিশাই চলাইছে উপদ্ৰৱ । দিনৰ ভাগত হাতীৰ জাকটোৱে চাহ বাগিচা অঞ্চল সমূহত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে গাওঁ সমূহত প্ৰৱেশ কৰি সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ যাৰ বাবে এতিয়া উজাগৰী নিশা কটাব লগীয়া হৈছে অঞ্চলবাসীয়ে । বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাচতো হাতী কেইটাক খেদি নপঠোৱাৰ অভিযোগ বনবিভাগৰ বিৰুদ্ধে ৷

ABOUT THE AUTHOR

...view details