গোলাঘাট, 2 নৱেম্বৰ :ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছেহাতী-মানুহৰ সংঘাত । এই সংঘাতৰ ফলতেই কেতিয়াবা যদি মানুহৰ প্ৰহাৰত বন্যহস্তীয়ে গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়, তেন্তে কেতিয়াবা আকৌ হাতীৰ আক্ৰমণত প্ৰাণ যায় মানুহৰ । এইদৰে ৰাজ্যত হাতী-মানুহৰ সংঘাতে ক্ৰমান্বয়ে চৰম পৰ্যায় অতিক্ৰম কৰিছে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গোলাঘাটতো অৰব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ মঙলবাৰে বন্যহস্তীৰ আক্ৰমনত মৃত্যু হয় এজন লোকৰ । জানিব পৰা মতে, বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা ব্যক্তিজনৰ নাম তৰুণ তামুলী । পথাৰত গৰু লৰাবলৈ যাওঁতেই বন্যহস্তীৰ জাকটোয়ে গছকি প্ৰাণ লয় বৃদ্ধজনৰ ।
লগতে পঢ়ক :উৎসৱৰ বতৰটি অনন্য কৰি তোলক কমলাৰ ক্ষীৰেৰে