গোলাঘাট, 24 মে': গোলাঘাটত তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷ শনিবাৰে নিশা গোলাঘাটৰ মুৰফুলনী অঞ্চলত জাকৰ মাজৰ পৰা ফাটি অহা এটা বন্যহস্তীয়ে সৃষ্টি কৰে ত্ৰাসৰ ৷ শস্যৰ লগতে ক্ষতি কৰে কেইবাটাও বাসগৃহ ৷ আনহাতে, এগৰাকী মহিলাৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰে বন্যহস্তী টোৱে ৷ কথমপিহে প্ৰাণ ৰক্ষা পৰে মহিলা গৰাকী আৰু তেওঁৰ পুত্ৰৰ ৷ হাতীৰ এই সন্ত্ৰাসত এতিয়া দিশহাৰা হৈ পৰিছে স্বামীহাৰা মহিলা গৰাকী ৷
গোলাঘাটৰ মুৰফুলনীত বন্যহস্তীৰ সন্ত্ৰাস - এগৰাকী মহিলাৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰে বন্যহস্তীয়ে
শনিবাৰে নিশা গোলাঘাটৰ মুৰফুলনী অঞ্চলত জাকৰ মাজৰ পৰা ফাটি অহা এটা বন্যহস্তীয়ে সৃষ্টি কৰে ত্ৰাসৰ ৷ শস্যৰ লগতে ক্ষতি কৰে কেইবাটাও বাসগৃহ ৷
গোলাঘাটৰ মুৰফুলনীত বন্যহস্তীৰ সন্ত্ৰাস
খেতিৰ পথাৰৰ উৎপাদিত শস্যৰ লগতে ঘৰৰ ভিতৰত থকা চাউল, ডাইল সকলো খাই তহিলং কৰে হাতীটোৱে ৷ যাৰ বাবে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতি ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা এনেদৰে হাতীৰ এটা জাকে ত্ৰাসৰ সৃষ্টি কৰি আছে অঞ্চলটোত ৷ বন বিভাগৰ তৰফৰ পৰা নাই বিশেষ ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷
কোভিড-19 যোদ্ধালৈ গোলাঘাট টাই আহোম যুৱ পৰিষদৰ ব্যতিক্ৰমী শ্ৰদ্ধালগতে পঢ়কঃ