গোলাঘাট, 28 এপ্ৰিল : গোলাঘাটৰ নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । নিশা নুমলীগড় পংকা চাৰিআলি অঞ্চলত 20-30 জনীয়াএটা হাতীৰ বৃহৎ জাকে প্ৰৱেশ কৰি তাণ্ডৱ চলায় ৷ অঞ্চলটোৰ কেইবা ঘৰ লোকৰ বাসগৃহত থকা আচবাব পত্ৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে তহিলং কৰে বাৰীৰ কলগছ ,খেতিপথাৰ । ইপিনে বন্যহস্তীৰ এই উপদ্ৰৱত কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ ৷
গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ - নুমলীগড়
গোলাঘাটৰ নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । নিশা নুমলীগড় পংকা চাৰিআলি অঞ্চলত 20-30 জনীয়াএটা হাতীৰ বৃহৎ জাকে প্ৰৱেশ কৰি চলালে তাণ্ডৱ ৷ হাতীৰ উপদ্ৰৱত আতংকিত ৰাইজ ৷
বন্যহস্তীৰ তাণ্ডৱ
উল্লেখ্য যে, দৈনিক জাকে জাকে বন্যহস্তীয়ে অঞ্চলটোৰ জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ ৷ নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাক জাক বন্যহস্তীয়ে । যাৰ বাবে এতিয়া আতংকিত ৰাইজে হাতে হাতে জুই, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰখনৰ লগতে খেতিপথাৰসমূহ ।