গোলাঘাট,23 ছেপ্টেম্বৰঃৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ আতংক ৷ এতিয়া দিনে নিশাই গোলাঘাটত চলিছে বন্যহস্তীৰ উপদ্ৰৱ ৷ দেওবাৰে নিশা ৪০-৫০ জনীয়া এটা বৃহৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে বাৰীৰ কলগছ আৰু খেতিপথাৰ ৷ কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ । ইফালে হাতীৰ জাকে ঘৰৰ ভিতৰত খাই তহিলং কৰে ধান চাউল, আটাকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী ৷ লগতে ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ ভিতৰৰ আচবাব, বিচনা, কাঁহী বাতিকে ধৰি প্ৰায় সকলো বস্তু ।
বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে গোলাঘাটবাসীয়ে - গোলাঘাটৰ মাধৱপুৰ
গোলাঘাটৰ বহু জনাঞ্চলত দৈনিক জাকে জাকে বন্যহস্তী প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰি আহিছে ৷ দেওবাৰে গোলাঘাটৰ মাধৱপুৰ অঞ্চলত এটা বৃহৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ৷
সম্প্ৰতি ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰখন , খেতি পথাৰ । নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে ।নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে । স্থানীয় লোকসকলে হাতী খেদিবলৈ চেষ্টা কৰিও বিফল হয় ।
এনেদৰে এতিয়া নুমলীগড়ত ভয়াৱহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে । ইফালে খবৰ দিয়াৰ পিছতো বনকৰ্মী য়ে হাতী খেদিবলৈ নহাৰ অভিযোগ তুলি স্থানীয় লোকে ক্ষোভ উজাৰে বন বিভাগৰ ওপৰত । গোলাঘাটৰ বিভিন্ন অঞ্চলত এতিয়া এনেদৰেই তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷