কাজিৰঙা, 24 ডিচেম্বৰ : কাজিৰঙা বন বিভাগৰ চূড়ান্ত অপৰিপক্ক তথা বেপৰোৱা সিদ্ধান্তৰ বাবেই দেওবাৰে কাজিৰঙা দৰ্শনলৈ আহি বিমুখ মনেৰে উভতিব লগা হ’ল বিভিন্ন স্থানৰ পৰা অহা পাঁচ শতাধিক পৰ্যটক৷ বহুদিনৰ পূৰ্বেই কাজিৰঙাৰ হাতী ছাফাৰীৰ বাবে আসন বুকিং কৰি ৰখাৰ পাছতো আজি পুৱা হাতী ছাফাৰী কৰিবলৈ নাপাই পৰ্যটকৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷
ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা কাজিৰঙাত উপস্থিত হোৱা পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ নোপোৱাত স্বাভাৱিকতেই কাজিৰঙাৰ বিভিন্নগৰাকী পৰ্যটন ব্যৱসায়ীৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ উল্লেখ্য যে কাজিৰঙা বন বিভাগে কালি প্ৰতিটো হাতীতে এগৰাকীকৈ পহৰাদাৰ দিয়াৰ এক উদ্ভট নিৰ্দেশনা জাৰি কৰাৰ পাছতেই কালি সন্ধিয়া এক সংবাদমেলযোগে কাজিৰঙাৰ ব্যক্তিগত হাতী ছাফাৰী মালিক সন্থাই আজিৰে পৰা হাতী ছাফাৰী নকৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
উল্লেখ্য যে বাগৰি বনাঞ্চলত চলিত বৰ্ষত ৩৫ টা ব্যক্তিগত হাতী আছে৷ আনহাতে, প্ৰতিটো হাতীতে চাৰিটাকৈ পৰ্যটক কঢ়িওৱা ছিট আছে৷ যিহেতু একেলগে গোটেইকেইটা হাতী উদ্যানৰ অন্তৰ্ভাগলৈ যায়, সেয়ে দুইৰ পৰা তিনিগৰাকী পহৰাদাৰ মকৰল কৰিলেই যথেষ্ট হয়৷ কিন্তু, তাৰ বিপৰীতে চাৰিজনীয়া ছিট থকা প্ৰতিটো হাতীত এজনকৈ পহৰাদাৰ প্ৰেৰণ কৰাৰ ঘোষণা কৰি নিৰ্দেশনা জাৰি কৰে কাজিৰঙাৰ বন কৰ্তৃপক্ষই৷
সেইমতে, প্ৰত্যেকটো খেপত ৩৫ গৰাকী পহৰাদাৰ পঠিওৱাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে৷ কিয়নো সীমিত আসনৰ মাজেৰেই কোনোমতে জোৰা-টাপলি মাৰি পৰ্যটকক হাতী ছাফাৰিৰ সুবিধা কৰি অহা হাতী মালিকসকলে প্ৰতি পৰ্যটন বৰ্ষতে ডিচেম্বৰ-জানুৱাৰী মাহত আসনৰ নাটনিত ভোগে৷ তেনেক্ষেত্ৰত প্ৰতিদিনে ৭০ খন আসনৰ সংৰক্ষণে পৰ্যটকক বঞ্চিত কৰাৰ সমান্তৰালকৈ হাতী মালিকসকলৰ ব্যৱসায়ত ব্যাপক প্ৰভাৱ পেলাব বুলি নিশ্চিত হয় কাজিৰঙা পৰ্যটনৰ লগত জড়িত বিভিন্নজন৷ তাৰ পাছতেই আজি হাতী ছাফাৰী বাতিল কৰাত পুৱা কাজিৰঙাত উপস্থিত হোৱা দেশৰ বিভিন্ন পৰ্যটক হাতী ছাফাৰী নকৰাকৈয়ে বিমুখ মনেৰে উভতিব লগা হয় ৷ সমান্তৰালভাৱে আজি জীপ ছাফাৰীৰ কাৰণেও যথেষ্ট ভিৰ হৈছিল যদিও জিপচী গাড়ী নোপোৱাত উভতি যায় বহু পৰ্যটক৷