গোলাঘাট,23 ছেপ্তেম্বৰঃকৰ'ণা মহামাৰীৰ আতংকৰ মাজতে গোলাঘাটৰ নুমলীগড়ৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । জিলাখনৰ মৰঙী ঢলাকছাৰী গাঁৱত দেখা পোৱা গৈছে বন্যহস্তীৰ মুক্ত বিচৰণ ৷ কিন্তু তেনে সময়তে একাংশ লোকৰ আক্ৰমণৰ বলি হৈছে বন্যহস্তী ৷
এইবাৰ নামবৰ দৈগ্ৰোঙ বন্য প্ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীক কাঁড় মাৰি আঘাত প্ৰাপ্ত কৰিছে একাংশ লোকে ৷ যাৰ ফলত ঢলাকছাৰী গাঁৱত ছটফটাইছে আঘাতপ্ৰাপ্ত হাতীটোৱে ৷ তদুপৰি একাংশ উন্মাদ লোকে শিলগুটি, ফৰ্মটি দলিয়াই বন্যহস্তীৰ দলটোক হাৰাশাস্তি কৰি আহিছে ।