গোলাঘাট, ১৩ ডিচেম্বৰ : "খুমটাইৰ মৃণালে পাৰে, সৰুপথাৰৰ বিশ্বজিতে নোৱাৰে কিয় ? নদী পাৰ হৈ মৃণাল শইকীয়াৰ সমষ্টিত হাতী প্ৰৱেশ কৰিলেই দলে দলে আৰক্ষী, বন বিভাগ লৈ হাতী আমাৰ ফালে ঘূৰাই পঠায় ৷ আমাৰ বিশ্বজিত ফুকনে কি কৰিছে ৷ কিয় আমাক নিৰাপত্তা দিব নোৱাৰে (Man Elephant conflict in Golaghat) ৷"
এইদৰেই এতিয়া ক্ষোভত ফাঁটি পৰিছে মৰঙীৰ জনতা ৷ যোৱা এটা পষেকৰো অধিক সময় দিনে-নিশাই এটা বৃহৎ বন্যহস্তীৰ জাকে পানীকৰা, তেলীয়াগাঁও, ২নং কৈৱৰ্ত, আবৰঘাট গাঁৱত ধাৰাবাহিক উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰা হৰিছে (Elephant terror in Golaghat) ৷ দিন দুপৰতে হাতীৰ জাকে কেমেৰাৰ সন্মুখতেই মানুহৰ বাসগৃহত আক্ৰমণ কৰিছে (Elephant destroyed houses in Morongi Golaghat) ৷
ফলত ক্ষোভিত ৰাইজে উপায়হীন হৈ হাতীৰ জাকসমূহ বিদেশত বিক্ৰী কৰি নিৰাপত্তা দিয়াৰ আহ্বান জনাইছে । নিৰাপত্তা দিয়ক, নহ'লে ৰাইজে ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব ৷ হাতীৰ বাবে আমি ৰুগীয়া হৈ পৰিছোঁ (people urged to protect from wild elephant attack) ৷ খাবলৈ নাপাওঁ, শুবলৈ নাপাওঁ কেনেকৈ জীয়াই থাকিম ।