অসম

assam

ETV Bharat / state

বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে বাসগৃহ - হস্তী মানৱ সংঘাত

গোলাঘাটত অব্যহত আছে হস্তী-মানৱ সংঘাত ৷ এইবাৰ আইতনীয়া মিৰি গাঁৱত বন্যহস্তীৰ জাকে চলালে তাণ্ডৱ। আইতনীয়া মিৰি গাঁৱৰ মৃদুজ্যোতি বৰাৰ বাসগৃহ ভাঙি তহিলং কৰে বন্যহস্তীৰ এটা জাকে ।

elephant destroy house
elephant destroy house

By

Published : Sep 2, 2020, 10:50 PM IST

গোলাঘাট, 2 ছেপ্টেম্বৰ : গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ । আইতনীয়া মিৰি গাঁৱত বন্যহস্তীৰ জাকে চলালে তাণ্ডৱ। আইতনীয়া মিৰি গাঁৱৰ মৃদুজ্যোতি বৰাৰ বাসগৃহ ভাঙি তহিলং কৰে বন্যহস্তীৰ এটা জাকে । বাসগৃহটো ভঙাৰ উপৰিও কলগছ, তামোল গছ আদি মহতিয়াই বিনষ্ট কৰে । দক্ষিণ গোলাঘাট কৃষক উন্নয়ন সমিতিয়ে এই ঘটনাত ক্ষোভ প্ৰকাশ কৰি কয় যে, ৰাইজক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে বন বিভাগ । জামুগুৰি ওৱাটিং গাঁও পঞ্চায়তৰ ২০ খন ৰাজহ গাঁৱৰ প্ৰায় ৩ হাজাৰ পৰিয়ালৰ ২০ হাজাৰ লোকক সুৰক্ষিত কৰিবলৈ বন বিভাগক আহ্বান । ইয়াৰ উপৰিও নামবৰ বনাঞ্চলৰ ভূমি বেদখল আৰু বনাঞ্চল ধ্বংস কৰাৰ বাবেই হাতী মানুহৰ সংঘাত হোৱা বুলি অভিযোগ কৰে ।

বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে বাসগৃহ

উল্লেখ্য যে, বিগত সময়চোৱাত হাতী-মানুহৰ সংঘাতে বাৰুকৈয়ে সমস্যাৰ সৃষ্টি কৰিছে গোলাঘাটত ৷ জিলাখনৰ নুমলীগড়, মুৰফুলনি, দৈগ্ৰোং আদি অঞ্চলত যেন বন্যহস্তীৰে সহাৱস্থান কৰিব লগীয়া হৈছে ৰাইজে ৷ বিভিন্ন প্ৰকাৰে জনাঞ্চলৰ পৰা বন্যহস্তীৰ জাকক হাবিলৈ কেদি পঠিয়াবলৈ চেষ্টা কৰিও সুফল পোৱা নাই ৰাইজ তথা বন বিভাগে ৷ বিভিন্ন সময়ত হস্তী-মানৱ সংঘাতত প্ৰাণ গৈছে মানুহৰ লগতে বনৰীয়া হাতীৰো ৷ এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি সতকাই চৰকাৰক আবেদন জনায় আহিছে ৰাইজে ৷

লগতে পঢ়ক :কলিয়াবৰত হ'ম ডেলিভাৰী ম'বাইল এপ মুকলি

ABOUT THE AUTHOR

...view details