অসম

assam

By

Published : Sep 6, 2020, 4:33 PM IST

ETV Bharat / state

বন্যহস্তীৰ তাণ্ডৱ ! হিয়া ঢ়াকুৰি কান্দোন ৭০ উৰ্দ্ধৰ বৃদ্ধৰ

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ গোলাঘাটৰ নুমলীগড়ত ঘৰ ভাঙি লণ্ডভণ্ড বন্যহস্তীৰ ৷ অৱশ্যে এইটোৱেই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বতো এনে ধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছে জিলাখনত ।

elephant demolished house at Golaghat
বন্যহস্তীৰ তাণ্ডৱ ! হিয়া ঢ়াকুৰি কান্দোন ৭০ উৰ্দ্ধৰ বৃদ্ধৰ

গোলাঘাট, 6 ছেপ্তেম্বৰ: গোলাঘাট জিলাৰ নুমলীগড়ৰ 5 নং ৰংবঙত নিশা বন্যহস্তীৰ উপদ্ৰৱ ৷ এগৰাকী বৃদ্ধৰ ঘৰ ভাঙি লণ্ডভণ্ড বন্যহস্তীৰ ৷ জানিবলৈ পৰা মতে, বন্যহস্তীয়ে ‘ৰুবিয়া দাস’ নামৰ পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ৷ কথমপিহে প্ৰাণ ৰক্ষা পৰিল পৰিয়ালটোৰ ৷ সপোনৰ পজাঁটো এনেদৰে হাতীয়ে তচনচ কৰাত কান্দোনত ভাগি পৰিছে পৰিয়ালটো ৷

গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৰ এতিয়া হাহাকাৰ পৰিস্থিতি ৷ কিদৰে মেৰামতি কৰিব ঘৰটো তাক লৈ চিন্তিত পৰিয়ালটোৰ সদস্য ৷ ইফালে যিকেইটা খাদ্যসামগ্ৰী আছিল সেই কেইটাও হাতীয়ে খাই উদং কৰিলে ৷ ফলত কান্দোনত ভাগি পৰিছে 70 উৰ্দ্ধৰ এগৰাকী বৃদ্ধ ৷ ইপিনে নিশা বন বিভাগক খবৰ দিয়াৰ পিছতো এই পৰ্যন্ত উপস্থিত হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে চাওক-জাঁজীৰ দিচাং ধাবাত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details