অসম

assam

By

Published : Jul 29, 2020, 3:33 PM IST

ETV Bharat / state

বনৰীয়া হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে নুমলীগড়বাসী ৰাইজ

গোলাঘাটত হাতীৰ উপদ্ৰৱত নিদ্ৰাহীন হৈছে একাংশ লোকে ৷ নুমলীগড়ৰ 4 নং জেকচন গাঁৱত হাতীৰ উপদ্ৰৱত ঘৰ-মাটি হেৰুওৱাৰ উপক্ৰম হৈছে একাংশ লোকৰ ৷ মংগলবাৰে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ 4 নং জেকচন গাৱঁৰ কেবাটাও পৰিয়ালৰ বাসগৃহ ক্ষতিসাধন কৰাৰ উপৰি এটা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ বিধ্বস্ত কৰা বুলি জানিব পৰা গৈছে ৷

ELEPHANT ATTACK IN ASSAM GOLAGHAT NUMLIGRAH
বনৰীয়া হাতীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে নুমলীগড়বাসী ৰাইজে

গোলাঘাট, 29 জুলাই :ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে গোলাঘাটত হাতীৰ উপদ্ৰৱত নিদ্ৰাহীন হৈছে একাংশ লোকে ৷ জিলাখনৰ নুমলীগড়ত সংঘটিত হৈছে এই ঘটনা ৷

বনৰীয়া হাতীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে নুমলীগড়বাসী ৰাইজে

তথ্য অনুসৰি, নুমলীগড়ৰ 4নং জেকচন গাঁৱত হাতীৰ উপদ্ৰৱত ঘৰ-মাটি হেৰুওৱাৰ উপক্ৰম হৈছে একাংশ লোকৰ ৷ মঙলবাৰৰ নিশা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ 4নং জেকচন গাঁৱৰ কেবাটাও পৰিয়ালৰ বাসগৃহ ক্ষতিসাধন কৰাৰ উপৰি এটা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ বিধ্বস্ত কৰা বুলি জানিব পৰা গৈছে ৷

আনহাতে,দীৰ্ঘ সময়ৰ পৰা অঞ্চলটোত হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ পিচতো বন বিভাগে কোনো ধৰণৰ নিৰাপত্তা প্ৰদান নকৰাৰ অভিযোগ উখাপন হৈছে ৷ যাৰবাবে বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজ ৷

লগতে পঢ়ক : ভৱিষ্যতৰ চিন্তা : বৰষুণৰ পানী সংৰক্ষণ কৰা হাৰিয়ানাৰ ভিদুকী গাঁওখন

ABOUT THE AUTHOR

...view details