গোলাঘাট,২৮ ফ্ৰেব্ৰুৱাৰী:ৰাজ্যত ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহজাক । নেতাৰ বাকযুদ্ধ অব্যাহত থকাৰ সময়তে গোলাঘাটত বিক্ষিপ্ত ঘটনা । গোলাঘাটত আৰম্ভ নিৰ্বাচন কেন্দ্ৰীক সংঘাট । ৩ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী কাবেৰী শইকীয়া হুছেইনৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড দুৰ্বৃত্তৰ ।
প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰৰ বাৱে বিভিন্ন প্ৰান্ত লগোৱা বেনাৰ পোষ্টাৰো ফালি পেলাই দুৰ্বৃত্তই । প্ৰাৰ্থীগৰাকীৰ সমৰ্থক সকলৰ অভিযোগ অনুসৰি তেওঁৰ উত্থানত শংকিত হৈ বিৰোধীয়ে এই কাৰ্য সংঘটিত কৰিছে ।