বোকাখাতত নিৰ্বাচনী প্ৰচাৰ মণিমাধৱ মহন্তৰ - অগপ -বিজেপি
বোকাখাত নাট্য মন্দিৰত অগপ-বিজেপিৰ মন্ত্ৰী-বিধায়কৰ উপস্থিতিত সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ
![বোকাখাতত নিৰ্বাচনী প্ৰচাৰ মণিমাধৱ মহন্তৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2777508-810-f2b9e6cb-84bc-4b9c-88fb-12b09fe0c4be.jpg)
গোলাঘাট, 23 মাৰ্চ : আছুৰ পৰা পোনে পোনে অগপত যোগদান কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ বোকাখাতত নিৰ্বাচনী প্ৰচাৰ অগপ -বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ৷ শনিবাৰে গোলাঘাটৰ বোকাখাত নাট্যমন্দিৰত অগপ, বিজেপি আৰু গণশক্তি মিত্ৰজোঁটৰ প্ৰথমখন যৌথ সভা অনুষ্ঠিত হয় ৷ য'ত বিজেপি আৰু অগপৰ মন্ত্ৰী বিধায়কৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায় মিত্ৰজোঁটে । মিত্ৰজোঁটৰ এই যৌথ সভাত বিজেপি সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি অগপ-বিজেপিৰ বিধায়কৰ লগতেউপস্থিত থাকে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙীয়া । ইপিনে উক্ত সভাতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেকংগ্ৰেছ-এ আই ডি এফক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি উল্লেখ কৰে ৷