অসম

assam

ETV Bharat / state

দুৰ্নীতিৰ অভিযোগঃ গোলাঘাটত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ

চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্ক'লাৰশ্বিপৰ নামত অহা ধন প্ৰদানত দুৰ্নীতি হোৱাৰ অভিযোগেৰে গোলাঘাট জিলা চাহ জনজাতি ছাত্র সন্থাই শনিবাৰে সাব্যস্ত কৰিলে এক প্ৰতিবাদ । চাহ জনগোষ্ঠীৰ ছাত্র ছাত্ৰী সকলৰ বাবে অহা স্ক'লাৰশ্বিপৰ ধন প্ৰদানৰ নামত ৰাজ্যৰ শ্ৰম মন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতাত দুৰ্নীতি হৈ অহাৰ অভিযোগ তুলিলে এই সকল প্ৰতিবাদকাৰীয়ে ।

By

Published : Jul 25, 2020, 3:10 PM IST

effigy-burn-of-minister-sanjay-krisan-at-golaghat
দুৰ্নীতিৰ অভিযোগেৰে গোলাঘাটত ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ

গোলাঘাট,২৫ জুলাই: ৰাজ্যত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্ক'লাৰশ্বিপৰ নামত অহা ধন প্ৰদানত বৃহৎ দুৰ্নীতি কৰাৰ অভিযোগ ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে । মন্ত্ৰী গৰাকীৰ পৃষ্ঠপোষকতাত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ নামত অহা বিভিন্ন আঁচনিৰ ধন আত্মসাতৰ গুৰুতৰ অভিযোগ ।

দুৰ্নীতিৰ অভিযোগেৰে গোলাঘাটত ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ

উল্লেখযোগ্য যে,উচ্চ শিক্ষাৰ স্ক'লাৰশ্বিপৰ বাবে ১,০২৫ গৰাকী বাগানৰ শিক্ষার্থীক স্ক'লাৰশ্বিপ প্ৰদানৰ তালিকা প্ৰকাশ কৰাৰ পিছত বৰ্তমান কেৱল ৫১৭ গৰাকীক স্ক'লাৰশ্বিপ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে । এই ক্ষেত্ৰত বাকী ৫০৭ গৰাকী ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰি খোদ ৰাজ্যৰ শ্ৰম মন্ত্ৰী গৰাকীয়ে ধন আত্মসাৎ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তুলিছে ছাত্র সংগঠনটোৰ প্ৰতিবাদী সদস্য সকলে ।

দুৰ্নীতিৰ অভিযোগেৰে গোলাঘাটত ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ

ইয়াৰ উপৰিও দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিৰ জৰিয়তে ১৪ হাজাৰ চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰা কথা আছিল যদিও মাত্র পাঁচ হাজাৰ যুৱক-যুৱতীৰ এখন তালিকা প্ৰস্তত কৰাৰ বিষয়টোতো এক ৰহস্যৰ গোন্ধ পাইছে সংগঠনটোৱে ।

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেটত স্থান লাভ কৰিছিল চাহ বাগিচা অঞ্চলত ১১৯ খন বিদ্যালয় স্থাপন কৰাৰ । কিন্তু আজি পাঁচ বছৰে এখনো বিদ্যালয় স্থাপন নকৰাক লৈ তীব্ৰ ক্ষোভ ওজাৰে সংগঠনৰ সদস্যসকলে ।

এইসমূহ গুৰুতৰ অভিযোগেৰে গোলাঘাটৰ তেঁতেলি তলত ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম চাহ ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে ।

লগতে চাওকঃ মঙলদৈত বান বিধস্ত অঞ্চল পৰিদৰ্শন ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details